ধুবুৰীত ক্ৰমাৎ বৃদ্ধি পাইছে HIVৰ সংক্ৰমণ...

ধুবুৰীত ক্ৰমাৎ বৃদ্ধি পাইছে HIVৰ সংক্ৰমণ...

ডিজিটেল ডেস্কঃ ধুবুৰীত এইছ আই ভিৰ ভয়ংকৰ সংক্ৰমণ। ৰাজ্যত ড্ৰাগছ সেৱন বৃদ্ধি পোৱাৰ সমান্তৰালভাবে ধুবুৰীতো ড্ৰাগছ সেৱন তথা সৰবৰাহ বৃদ্ধি পোৱাত এইছ এই ভিৰ সংক্ৰমণ বৃদ্ধি পোৱা খবৰে চিন্তিত কৰিছে স্থানীয় ৰাইজক।

জিলাখনত শেহতীয়াকৈ বৃদ্ধি পোৱা এই ৰোগবিধে স্বাস্থ্য বিভাগকো উদ্বিগ্ন কৰিছে। বৰ্তমানলৈ জিলাখনত বৃদ্ধি পোৱা এইছ আই ভি ৰোগীৰ সংখ্যা হ'ল ১২০০গৰাকী। ইয়াৰে ৭গৰাকী শিশু, ২৭গৰাকী মহিলা আৰু ৭১জন চিকিৎসাকৰ্মী বুলি তথ্য সদৰী কৰিছে স্বাস্থ্য বিভাগে।

উল্লেখ্য এই ক্ষেত্ৰত মাত্ৰ ধুবুৰীয়ে নহয়, ৰাজ্যৰ কেইবাখনো জিলাত এই ভয়ংকৰ ৰোগ বিধ সংক্ৰমণ হোৱাৰ খবৰ ইতিমধ্যেই প্ৰকাশ পাইছে সংবাদ মাধ্যমত। কিছুদিন পূৰ্বে উজনিৰ তিনিচুকীয়া জিলাতো এইছ অই ভি ৰোগত যুৱক-যুৱতী আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ পাইছিল।

ড্ৰাগছৰ অবাধ প্ৰচলনৰ বাবেই এই ৰোগবিধৰ সংক্ৰণ বৃদ্ধি হোৱাৰ মত প্ৰকাশ কৰিছে ধুবুৰী স্বাস্থ্য বিভাগে। লগতে এই ক্ষেত্ৰত সজাগতা অৱলম্বন কৰাৰো আহ্বান বিভাগটোৰ।

ধুবুৰীত ক্ৰমাৎ বৃদ্ধি পাইছে HIVৰ সংক্ৰমণ...
ফটো সাংবাদিক ধনটি হীৰাৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in