ফটো সাংবাদিক ধনটি হীৰাৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ...

ফটো সাংবাদিক ধনটি হীৰাৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ মহিলাৰ

author-image
Asomiya Pratidin
New Update
ফটো সাংবাদিক ধনটি হীৰাৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ...

ডিজিটেল ডেস্কঃ চামগুৰিৰ ফটো সাংবাদিক ধনটি হীৰাৰ ৰহস্যজনক মৃত্যু ঘটনাৰ সন্দৰ্ভত খাটোৱাল আৰক্ষী থানাত মহিলাৰ প্ৰতিবাদ। শতাধিক মহিলাই প্ৰতিবাদী যাত্ৰা কৰি খাটোৱাল আৰক্ষীৰ ওচৰত ন্যায়ৰ দাবী জনায়।

Advertisment

ফটো সাংবাদিকজনৰ ৰহস্যজনক ঘটনাৰ সন্দৰ্ভত খাটোৱাল আৰক্ষীয়ে বুধবাৰে পুৱা আটক কৰিছিল দুজন যুৱকক। আটকাধীন যুৱকদ্বয় ক্ৰমে বাবুলি হীৰা আৰু প্ৰশান্ত হীৰা। দুৰ্ঘটনাৰ নিশা দুয়ো একেখন মটৰচাইকেলতে আছিল ধনটিৰ সৈতে।

আৰু সেয়ে দুয়োলৈ সন্দেহৰ আঙুলি পৰিয়াল তথা স্থানীয় ৰাইজৰ। উল্লেখ্য প্ৰতিবাদী ৰাইজক উচিত তদন্তৰ মাধ্যমেৰে ন্যায় প্ৰদান কৰাৰ আশ্বাস খাটোৱাল আৰক্ষীয়ে।

Also Read: অসম-উত্তৰপূৰ্বাঞ্চলৰ সাইভক্তৰ পৰ্ত্তীযাত্ৰাৰ কাৰ্যসূচী সম্পন্ন...

Assam police