পুনৰ বন্ধ হৈ পৰিল হাটশিঙিমাৰী-ধুবুৰী যাত্ৰীবাহী জাহাজ সেৱা

পুনৰ বন্ধ হৈ পৰিল হাটশিঙিমাৰী-ধুবুৰী যাত্ৰীবাহী জাহাজ সেৱা

author-image
Asomiya Pratidin
New Update
পুনৰ বন্ধ হৈ পৰিল হাটশিঙিমাৰী-ধুবুৰী যাত্ৰীবাহী জাহাজ সেৱা

ডিজিটেল সংবাদ, ধুবুৰীঃ বৃহস্পতিবাৰে পুনৰ বন্ধ হৈ পৰিল হাটশিঙিমাৰী-ধুবুৰী যাত্ৰীবাহী জাহাজ সেৱা। বৃহস্পতিবাৰে পুৱা হঠাৎ বন্ধ কৰি দিয়া হৈছে হাটশিঙিমাৰী জাহাজ সেৱা। ফলত জাহাজৰ বহু যাত্ৰী উভতি লঞ্চ যোগে যাবলগীয়া হৈছে।

আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ অধীনত চলাচল কৰা হাটশিঙিমাৰী-ধুবুৰী জাহাজ সেৱা বন্ধ কৰি দিয়াৰ ফলত দৈনিক জাহাজেৰে অহা-যোৱা কৰা যাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। উল্লেখ্য যে, প্ৰতিদিনে হাটশিঙিমাৰী এলেকাৰ পৰা মানকাচৰৰ ২ শতাধিক যাত্ৰী এই জাহাজৰ জৰিয়তে ধুবুৰীলৈ অহা-যোৱা কৰে।

নিৰাপত্তাৰ মাজেৰে যাত্ৰীসকলে জাহাজত চলাচল কৰে যদিও ৰহস্যজনকভাৱে আভ্যন্তৰীণ জল পৰিবহন বিভাগে হাটশিঙিমাৰী ধুবুৰী যাত্ৰীবাহী জাহাজ বন্ধ কৰি দিয়ে। ইয়াৰ পিছতেই যাত্ৰীৰ মাজত হাহাকাৰৰ সৃষ্টি হয়।

ঘটনাক লৈ একাংশ যাত্ৰীয়ে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি উত্তাল প্ৰতিবাদ সাবস্থ্য কৰে। লঞ্চৰ লেচিৰ সৈতে আভ্যন্তৰীণ জল পৰিবহন বিভাগ গোপন বুজাবুজি কৰি জাহাজ সেৱা বন্ধ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

মন কৰিবলগীয়া যে, হাটশিঙিমাৰী-ধুবুৰীৰ জাহাজ আকস্মিকভাৱে দক্ষিণ শালমাৰাৰ পৰা ধুবুৰীলৈ চলাচল কৰাৰ বাবে আভ্যন্তৰীণ জল পৰিবহন বিভাগে নিৰ্দেশনা প্ৰদান কৰিছে। ইফালে লঞ্চৰ এখনৰ জৰিয়তে নিৰাপত্তাৰ মাজত ২ শতাধিক যাত্ৰী যাতায়ত কৰিব পাৰে। জাহাজ বন্ধ কৰি দিয়াৰ ফলত ৪ শতাধিক যাত্ৰী লঞ্চৰ জৰিয়তে যাতায়ত কৰিবলগীয়া হয়।

Also Read: ক্ৰিকেট বিশ্ব মহাৰণত আজি সমুখ সমৰত ভাৰত আৰু বাংলাদেশ

hathingimari dhubri