প্ৰসংগ গছতলৰ বিহু: হেৰাই যাব ধৰা পৰম্পৰা ৰক্ষাৰ চেষ্টা বেচৰকাৰী সংস্থাৰ...

ৰাজ্যৰ বিভিন্ন ঠাইত অৰণ্য সুৰক্ষা সমিতিয়ে গছতলৰ বিহু আয়োজন কৰিছে। হেৰাই যাব ধৰা পৰম্পৰা ৰক্ষাৰ বাবে এই সিদ্ধান্ত সংস্থাটোৰ...

author-image
Asomiya Pratidin
New Update
প্ৰসংগ গছতলৰ বিহু: হেৰাই যাব ধৰা পৰম্পৰা ৰক্ষাৰ চেষ্টা বেচৰকাৰী সংস্থাৰ...

প্ৰতিকী ফটো

ডিজিটেল সংবাদ, ধুবুৰী : অসমৰ জাতীয় প্ৰকৃতি সংগঠনৰূপে খ্যাতি লাভ কৰা অৰণ্য সুৰক্ষা সমিতি অসমে গছতলৰ বিহু অনুষ্ঠিত কৰি বিহুৰ মাজত নিহিত প্ৰকৃতিপ্ৰেম তথা পৰিৱেশ সংৰক্ষণৰ পৰম্পৰা প্ৰচাৰ কৰি আহিছে। এইবাৰো সমিতি খনে অসমৰ বিভিন্ন ঠাইত গছতলৰ বিহু অনুষ্ঠিত কৰিব।

Advertisment

এই সন্দৰ্ভত প্ৰকাশ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত সমিতিৰ সচিব প্ৰধান ড০ হৰিচৰণ দাসে জনায় যে, চৰাইদেউ জিলাৰ বৰহাট, মাজুলীৰ দক্ষিণপাট, যোৰহাটৰ ন-আলি ঢেকীয়াজুলি, নগাঁৱৰ চামগুৰি, শোণিতপুৰ জিলাৰ পাচনৈ আৰু ভেৰগাও, ওদালগুৰি জিলাৰ ওৰাং, গেলাবিল আৰু ধনশ্ৰীঘাট, ধুবুৰী জিলাৰ হাকামা আৰু শাকাতী কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আদি ঠাইত গছবিহু অনুষ্ঠিত কৰিব।

গছতলৰ বিহু উপলক্ষে গছলৈ বিহুৱান দিয়া, গছপুলি ৰোপণ কৰা, গছৰ তলত বিহু হুঁচৰি আয়োজন কৰাৰ লগতে জ্যেষ্ঠসকলক গছপুলিৰে সম্বৰ্ধনা জনোৱা কাৰ্যসূচী গ্ৰহণ কৰিছে সংস্থাটোয়ে। চ'ত আৰু ব'হাগৰ সংক্ৰান্তি তথা পহিলা ব'হাগৰ দিনা পৰম্পৰাগত ভাবে এই গছতলৰ বিহু অনুষ্ঠিত কৰাৰ উপৰিও ২২ ব'হাগৰ দিনা ছিপাঝাৰত সমিতিয়ে কেন্দ্ৰীয় ভাবে গছবিহু তথা সমিতিৰ একাদশ সংখ্যক অধিবেশন অনুষ্ঠিত কৰিব।

Also Read: পশ্চিম কাৰ্বি আংলঙত বন্যহস্তীৰ খাদ্যৰ বাবে বৃক্ষৰোপন কাৰ্যসূচী...

assamese culture bihu