গৌৰীপুৰত দ্ৰুতবেগী মালবাহী ট্ৰাকৰ খুন্দাত নিহত এজন ই ৰিক্সা চালক...

গৌৰীপুৰত দ্ৰুতবেগী মালবাহী ট্ৰাকৰ খুন্দাত নিহত এজন ই ৰিক্সা চালক...

author-image
Asomiya Pratidin
New Update
গৌৰীপুৰত দ্ৰুতবেগী মালবাহী ট্ৰাকৰ খুন্দাত নিহত এজন ই ৰিক্সা চালক...

ডিজিটেল সংবাদ,পৰ্বতজোৰাঃ গৌৰীপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাত থিতাতে নিহত এজন লোক। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, গৌৰীপুৰ বেপৰিপট্টিত এখন দ্ৰুতবেগী মালবাহী ট্ৰাকে মহতিয়াই নিয়ে দুগৰাকী পথচাৰীক।

Advertisment

দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী ই ৰিক্সা চালক আৰু বিএছএফ জোৱান এগৰাকী গুৰুতৰভাৱে আহত হয়। ই ৰিক্সা চালক গৰাকীৰ বিষয়ে এতিয়াও সবিশেষ জানিব পৰা নাই। ইফালে বিএছএফ গৰাকী গৌৰীপুৰ কেম্পৰ মহাদেৱ পাল বুলি চিনাক্ত কৰা হৈছে।

ঘটনাত আহত বিএছএফ জোৱান গৰাকীৰ অৱস্থা অতি সংকট জনক হোৱাত তেওঁক উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Also Read: হাজোৰ কাঁহ-পিতল শিল্পৰ বিপণনত সহায়ৰ হাত "ছিদবী"ৰ

Gauripur accident Gauripur