হাজোৰ কাঁহ-পিতল শিল্পৰ বিপণনত সহায়ৰ হাত "ছিদবী"ৰ

হাজোৰ কাঁহ-পিতল শিল্পৰ বজাৰক সহায়ৰ হাত "ছিদবী" ৰ

author-image
Asomiya Pratidin
New Update
হাজোৰ কাঁহ-পিতল শিল্পৰ বিপণনত সহায়ৰ হাত "ছিদবী"ৰ

ডিজিটেল সংবাদ,হাজোঃ হাজোৰ কাঁহ পিতল শিল্পৰ লগত জড়িত কাৰিকৰী ব্যৱসায়ী সকললৈ সুখবৰ। ছিদবী নামৰ এটি সংস্থাই আগবঢ়াই নিব হাজোৰ কাঁহ পিতল শিল্পৰ বজাৰ। হাজোত থলুৱা লোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠা কাঁহ শিল্পই বিশ্ব দৰবাৰত এক সুনাম বহন কৰি আহিছে। হাজোৰ এই সকল কাঁহ পিতল,কাৰিকৰী ব্যৱসায়ীক সহায়ৰ হাত আগবঢ়াইছে ছিদবী নামৰ প্ৰতিষ্ঠানটোৱে।

Advertisment

আৰ্থিক মানসিক আৰু বজাৰ দখলৰ লক্ষ্যৰে ওলাই আহিছে এই ছিদবী নামৰ সংস্থাটো। স্বেচ্ছাসেৱী সংস্থা ইউথ কাৰ্ভ ফাউণ্ডেচন আৰু অণ্বেষণৰ সহযোগত হাজোত মিলিত হৈছে দুই শতাধিক কাৰিকৰ আৰু ব্যৱসায়ী। অতিশীঘ্ৰে এই সকলক লগত লৈ হাজোৰ কাঁহ পিতল শিল্পক বিশ্বৰ বজাৰ দখল কৰাৰ চেষ্টা কৰিব বুলি সদৰী কৰে।

Also Read: ধেমাজীত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ ৮ ঘন্টীয়া প্ৰতীক অনশন...

haaju