/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/acd1b0db-b249-4f43-8414-58c96a86e6b1/3.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ অতি দুৰ্গম ভোগডহৰ চৰত সীমান্ত সুৰক্ষা বাহিনীৰ বিনামূলীয়া স্বাস্থ্য শিবিৰৰ লগতে বিনামূলীয়া সামগ্ৰী বিতৰন কাৰ্যসূচী। চিভিক একশ্যন আঁচনিৰ অধীনত ১৯ নম্বৰ সীমান্ত সুৰক্ষা বাহিনয়ে শনিবাৰে ভোগডহৰ চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে।
চিকিৎসা শিৱিৰ আৰু সামগ্ৰী বিতৰনৰ উদ্ধোধন কৰে সীমান্ত সুৰক্ষা বাহিনীৰ ১৯ নং বেটেলিয়ানৰ কমাণ্ডেন সুনিল চৈবামে। চিকিৎসা শিবিৰত ৰোগী সকলক বিনামূলীয়া চিকিৎসাৰ লগতে ঔষধো যোগান ধৰা হয়। লগতে বিশেষ ভাবে সক্ষম ব্যাক্তি সকলক হুইল চেয়াৰ, ৱালকাৰ, আশাকৰ্মী সকলক ব্লাড প্ৰেচাৰ যোখা সাজুলি প্ৰদান কৰে সীমান্ত সুৰক্ষা বাহিনয়ে।
উক্ত অনুষ্ঠানত ভোগডহৰ গাওঁ পঞ্চায়তৰ উপ সভাপতি নিজাম উদ্দিনৰ সহযোগত প্ৰায় ৯০০ গৰাকী পুৰুষ মহিলাই চিকিৎসা সেৱা গ্ৰহণ কৰে। এই অনুষ্ঠানত সীমান্ত সুৰক্ষা বাহিনীৰ ১৯ নং বেটেলিয়ানৰ কেইবাজনো উচ্চ পৰ্যায়ৰ বিষয়াৰ লগতে সীমান্ত অঞ্চলৰ মুখিয়াল ব্যক্তিসকল উপস্থিত থাকে। সীমান্ত সুৰক্ষা বাহিনীৰ বিনামূলীয়া চিকিৎসা শিবিৰ আৰু সামগ্ৰী বিতৰণ কাৰ্যত উৎফুল্লিত হৈ পৰে সীমান্তবাসী।
Also Read: মাইক্ৰ'ফাইনেন্সৰ ঋণ লৈ ৰবি শস্যৰ পথাৰত নামিছে বোকাখাতৰ কৃষক