/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-11/bv021bpz/jorhat 11.jpg)
ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত জয়ৰ হেটট্ৰিকেৰে গ্ৰুপৰ শীৰ্ষত অসম
ডিজিটেল সংবাদ যোৰহাটঃ যোৰহাট জিলা ক্রীড়া সন্থাৰ আতিথ্যত যোৰহাট ষ্টেডিয়াম আৰু মৰিয়নী বাপুজী ষ্টেডিয়ামত চলি থকা ১৫ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ ছাব-জুনিয়ৰ বয়জ (টায়াৰ-২) প্রতিযোগিতাখনৰ আজি যোৰহাট ষ্টেডিয়ামত দুখন আৰু বাপুজী ষ্টেডিয়াত দুখন খেল অনুষ্ঠিত হয়। তাৰে যোৰহাটত অনুষ্ঠিত এখন খেলত ঘৰুৱা দল অসমে তেলেংগানাক ৪-০ গ’লৰ বৃহৎ ব্যৱধানত পৰাজিত কৰি প্ৰতিযোগিতাখনত একেৰাহে তৃতীয়টো তথা জয়ৰ হেটট্ৰিক কৰি ছেমি ফাইনেল খেলাৰ দিশ উজ্জ্বল হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-11/4zwqf4au/1eecfc3c-ee16-4aa3-8ed2-8d0be905c543.jpg)
দুইস্থানতে দৈনিক দুখনকৈ খেল অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনৰ যোৰহাট ষ্টেডিয়ামত আজি অনুষ্ঠিত গ্ৰুপ ‘এ’ দুখন খেলৰ এখন অসম আৰু তেলেংগানাৰ মাজত আনখন তামিলনাডু আৰু মধ্য প্ৰদেশ মাজত অনুষ্ঠিত হয়। আজি আয়োজক অসমে অতি আকৰ্ষণীয় এখন খেল খেলি তেলেংগানাক ৪-০ গ'লৰ ব্যৱধানত পৰাজিত কৰি লীগৰ মুঠ চাৰিখন খেলৰ একেৰাহে তিনিখনতে জয়লাভ কৰি গ্ৰুপৰ শীৰ্ষস্থান অধিকাৰ কৰি আছে।
খেলখনত অসম দলৰ হৈ গ’ল কেইটা দিয়ে ক্ৰমে খেলৰ ২০ মিনিটত তন্ময় বৰুৱাই, দলৰ অধিনায়ক চামুইল দৈমাৰীয়ে ৫১ মিনিটত, টমাচ দৈমাৰীয়ে ৬১ মিনিটত আৰু কাঞ্চন হাতীমুৰীয়াই ৯০ মিনিটত একোটাকৈ গ’ল দিয়ে। ইফালে আনখন খেলত তামিলনাডুৱে মধ্যপ্ৰদেশক ৪-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি লীগৰ সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-11/acgef8np/14266a73-2bc6-4bd0-a032-170d8b160ebc.jpg)
তামিলনাডু দলৰ হৈ ভি অজয় কৃষ্ণই খেলৰ ১৮, ২৫ আৰু ৭১ মিনিটত তিনিটা গ'ল দি হেটট্ৰিক কৰিবলৈ সক্ষম হোৱাৰ লগতে দলটোৰ হৈ আনটো গ'ল দিয়ে এম এচ অ'ল উইন যোছেপে খেলৰ ৮৫ মিনিটত। খেলখনত মধ্য প্ৰদেশ দলৰ হৈ একমাত্ৰ গ'লটো দিয়ে পাৰ্টে খেলৰ ৮৫ মিনিটত।
আনহাতে আজি মৰিয়নীৰ বাপুজী ষ্টেডিয়ামত গ্ৰুপ ‘চি’ৰ দুখন খেল অনুষ্ঠিত হয় আৰু তাৰে প্ৰথমখন খেলখনত উত্তৰাখাণ্ডে পণ্ডিচেৰীক ২-০ গ’লৰ ব্যৱধানত পৰাজিত লীগৰ সম্পূৰ্ণ পইণ্ট লাভ কৰে। উত্তৰাখাণ্ডৰ হৈ গ’ল কেইটা দিয়ে উত্তৰাখাণ্ড দলৰ অধিনায়ক অদি পাঠকে খেলৰ ২০ মিনিটত আৰু দ্বিতীয়টো গ’ল দিয়ে দিব্যাংশ সিংঘেলে খেলৰ অতিৰিক্ত (৯৪ মিনিট) সময়ত।
ইফালে দ্বিতীয়খন খেলত ৰাজস্থানে জম্মু-কাশ্মীৰক ৪-৩ গ’ল ব্যৱধানত পৰাজিত কৰি লীগৰ সম্পূৰ্ণ পইণ্ট লাভ কৰিছে। খেলখনত ৰাজস্থানৰ হৈ গ’ল কেইটা দিয়ে দলটোৰ অধিনায়ক ধৈৰ্য সনাধ্যাই খেলৰ ২৬ আৰু ৪৭ মিনিটত দুটা গ’ল দিয়াৰ লগতে এটিভাৰ ধোকে খেলৰ ৭ মিনিটত আৰু কৌস্তুভ বোহাৰাই এটাকৈ গ’ল দিয়াৰ বিপৰীতে জম্মু-কাশ্মীৰ দলৰ হৈ গ’ল তিনিটা দিয়ে মুবাশিৰ মুকবুল ডাৰে খেলৰ ১৮, ৩৩ আৰু ৫৪ মিনিটত।
প্ৰতিযোগিতাখনৰ কাইলৈ খেল ক্ৰমে যোৰহাট ষ্টেডিয়ামত প্ৰথমখন চণ্ডীগড় ৰাজ্যিক ফুটবল দল আৰু ত্ৰিপুৰা ৰাজ্যিক ফুটবল দলৰ মাজত পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ'ব। দ্বিতীয়খন খেল হাৰিয়ানা ৰাজ্যিক ফুটবল দল আৰু আন্দামান নিকোবৰ দলৰ মাজত বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ'ব।
ইয়াৰ বিপৰীতে মৰিয়নি বাপুজী ষ্টেডিয়ামত এখন খেল অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক ফুটবল দল আৰু হিমাচল প্ৰদেশ ৰাজ্যিক ফুটবল দলৰ মাজত বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ'ব। তাৎপৰ্যপূৰ্ণ যে, প্ৰতিযোগিতাখনলৈ অহা বাহিৰা ৰাজ্যৰ খেলুৱৈ দলবোৰে থকা, খোৱা, শুৱাৰ দিশত ব্যাপক সমস্যা হোৱাৰ অভিযোগ উঠিছে।
এনে সমস্যাত ভোগা দলসমূহে তেনে এক অভিযোগ আয়োজক সমিতিক দিবলৈ আহোতে আয়োজক সমিতিৰ বিষয়বব্বীয়াই তেওঁলোকক ঘূৰাই তৰ্ক বিতৰ্কত লিপ্ত হোৱা উপৰিও শাৰীৰিৰ ভাৱেও অপদস্তুহে কৰে বুলি জানিব পৰা গৈছে। তাকে লৈ যোৰহাটৰ সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে যোৰহাটৰ সন্মান বাহিৰত কি হ’ব বুলি সবৰ্ত্তে চৰ্চা চলিছে। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ভিতৰচৰাত একনায়কত্ববাদ চলিছে বুলি উল্লেখ কৰিছে। এনে কাৰ্য যোৰহাটৰ ভৱিষ্যতৰ বাবে শুভ লক্ষণ নহয় বুলিও সকলোৱে একমুখে দাবী কৰিছে।
Also Read: ছয়দুৱাৰ মহাবিদ্যালয়ত নতুনকৈ সংযোজিত হ'ল পূৰ্ণাংগ শিক্ষক শিক্ষা কাৰ্য্যক্ৰম...