বাজেট ২০২৩-২৪ : নৱম শ্ৰেণীত উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীলৈ টেবলেট-চাইকেল !

উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক স্কুটি প্ৰদান
বাজেট ২০২৩-২৪ : নৱম শ্ৰেণীত উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীলৈ টেবলেট-চাইকেল !

ডিজিটেল ডেস্কঃ আজিৰ বাজেট অধিবেশনত কেইবাখনো আঁচনিৰ অধীনত গুৰুত্বপূৰ্ণ পৰিকল্পনা গ্ৰহণ কৰা হয়। সেই আঁচনিসমূহৰ ভিতৰত প্ৰজ্ঞা ভাৰতী আঁচনিৰ অধীনত ৰাজ্যৰ ৫০০ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাথনি উন্নয়নৰ বাবে পৰিকল্পনা হাতত লয়।

ৰাজ্যৰ কেইবা দশকৰ অন্তত প্ৰাদেশীকৰণৰ জড়িয়তে বহুসংখ্যক উচ্চতৰ মাধ্যমিক বিদ্যালয়ক স্বীকৃতি প্ৰদান কৰা হৈছে। কিন্তু এইসমূহ বিদ্যালয়ৰ বেছিসংখ্যক বিদ্যালয়ৰে প্ৰয়োজনীয় আন্তঃগাথনিৰ অভাৱ।

সেয়ে এইসমূহ বিদ্যালয়ৰ অৱস্থা উন্নীতকৰণৰ বাবে কেইবাটাও পদক্ষক্ষেপ গ্ৰহণ কৰে। সেই অনুসৰি প্ৰায় ৫০০ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিখনকে ৫ কোটি টকা ব্যয় সাপেক্ষে বিদ্যালয় উন্নীতকৰণৰ বাবে পৰিকল্পনা হাতত লয়। এইসমূহ বিদ্যালয়ৰ আচবাব,স্মাৰ্ট শ্ৰেণীকোঠা,শিক্ষা-শিক্ষণ সামগ্ৰী আৰু ক্ৰীড়াৰ আন্তঃগাথনিৰ বাবে ১ কোটি টকাকৈ যোগান ধৰা হ'ব।

এই ৫০০ খন বিদ্যালয়ৰ মাজৰ পৰা ৪০০ খন বিদ্যালয়ৰ নৱীকৰণ আৰু বাকী ১০০ খনক আদৰ্শ বিদ্যালয় হিচাপে নিৰ্মাণ কৰা হ'ব। ইয়াৰ বাবদ ২,৫০০ কোটি টকা ধাৰ্য কৰা হৈছে।

আনহাতে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ সম্বন্ধীয় সজগতা সৃষ্টি কৰাৰ উদ্দেশ্যে 'আৰোহণ' নামৰ আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। ধাৰাবাহিকতা ৰক্ষা কৰি এইবাৰো প্ৰথমস্থান লাভ কৰি নৱম শ্ৰেণীলৈ উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীলৈ টেবলেট প্ৰদান কৰা হ'ব।

উল্লেখ্য যে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বিগত বৰ্ষত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া চাইকেল, পাঠ্যপুথি,স্নাতক পৰ্যায়লৈ পাঠ্যপুথিৰ বাবে সাহাৰ্য, উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক স্কুটি প্ৰদান কৰা আদি সুবিধাসমূহ এইবাৰো অধিক সক্ৰিয়তাৰে অব্যাহত ৰাখিব।

ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত এটা উপগ্ৰহীয় চৌহদ স্থাপন কৰা হ'ব। বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ধাৰ্য কৰা ধনৰ ওপৰি প্ৰজ্ঞা ভাৰতী আঁচনিৰ শিতানত ১,২০০ কোটি টকাৰ বাজেট ব্যৱস্থা ৰখা হৈছে।

বাজেট ২০২৩-২৪ : নৱম শ্ৰেণীত উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীলৈ টেবলেট-চাইকেল !
বাজেট ২০২৩-২৪ : ৰাজ্যৰ যুৱক-যুৱতীৰ বাবে বিশেষ পদক্ষেপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in