/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a46501ad-2a2a-45d7-a639-82b58d84c80f/AYUSMAN.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ 'আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা' আৰু 'আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা'ৰ অধীনত ধুবুৰী-গৌৰীপুৰ সমষ্টিৰ হিতাধিকাৰীৰ মাজত বুধবাৰে আনুষ্ঠানিকভাবে আয়ুষ্মান কাৰ্ড বিতৰণ কৰা হয়। ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন সভাত ২১ গৰাকী হিতাধিকাৰীক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/2675d453-17cf-4af7-a553-7b0d0cae58c5/e70de3b2_60f4_4e8a_930b_4a9eb18086a1.jpg)
উল্লেখ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা জিলাখনত আৰম্ভ হোৱা অনলাইন পঞ্জীয়নৰযোগেদি আবেদন সংগ্ৰহ কৰা হৈছিল আৰু ইতিমধ্যে প্ৰায় ৮ লাখৰো অধিক পঞ্জীয়নকাৰী হিতাধিকাৰীসকলৰ আয়ুষ্মান কাৰ্ড জিলা প্ৰশাসনৰ হাতত আহি পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/62048c1c-93d6-43a7-8795-581ceeb9f329/928bc9b2_5315_4183_9577_26318a90ed1b.jpg)
বুধবাৰে আনুষ্ঠানিকভাৱে ২১ গৰাকী হিতাধিকাৰীক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হয়। পৰৱৰ্তী সময়ত জিলাখনৰ বিভিন্ন খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত হিতাধিকাৰীসকলৰ সুবিধাৰ্থে আয়ুষ্মান কাৰ্ডসমূহ উপলব্ধ হ'ব আৰু এই কাৰ্ডসমূহ ঘৰে ঘৰে চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা বিতৰণ কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে ।
অনুষ্ঠানত জিলা উপায়ুক্ত দিবাকৰ নাথ, অতিৰিক্ত উপায়ুক্ত, গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, বিলাসীপাৰৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী উপস্থিত থাকে। ইয়াৰোপৰি ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাঃ দেৱময় সন্যাল, নেপকোৰ স্বতন্ত্ৰ সঞ্চালক বিমল ওচোৱাল, ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক জে বি ৰায়কে ধৰি প্ৰায় ৪ শতাধিক স্বাস্থ্যকৰ্মী তথা হিতাধিকাৰীসকল উপস্থিত থাকে।