চৰাইদেউ পৰ্বত চাহ বাগিচাত আটছাৰ ধৰ্ণা কাৰ্যসূচী

চৰাইদেউ পৰ্বত চাহ বাগিচাত আটছাৰ ধৰ্ণা কাৰ্যসূচী

ডিজিটেল সংবাদ,চৰাইদেউঃ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী। অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত সংগঠনটোৰ চৰাইদেউ পৰ্বত চাহ বাগিচা উপ শাখা সমিতিয়ে বুধবাৰে পুৱা বাগিচাখনৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদৰ পাছত প্ৰতিবাদকাৰীসকলে বাগিচাখনৰ পৰিচালকক এক স্মাৰক পত্ৰ প্ৰদান কৰে।

স্মাৰক পত্ৰখনত বাগিচাৰ চিকিৎসালয়ত ৰোগীসকলক পুৱা আৰু দুপৰীয়া আহাৰ যোগাৰ ধৰাৰ ব্যৱস্থা কৰা,চিকিৎসালয়ত স্থায়ী চিকিৎসক,নার্চৰ নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা, বাগিচাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলক নিযুক্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰা, শ্রমিক আইনমতে পাবলগীয়া সকলো সা-সুবিধা শ্রমিক সকলক প্ৰদান কৰাৰ ব্যৱস্থা কৰা আৰু বাগিচাত দীৰ্ঘদিন ধৰি খাটি থকা যুৱক-যুৱতী সকলক দক্ষতা অনুপাতে পদোন্নতি দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ।

চৰাইদেউ পৰ্বত চাহ বাগিচাত আটছাৰ ধৰ্ণা কাৰ্যসূচী
ষষ্ঠ দক্ষিণ এছীয় চুটি ছবি মহোৎসৱলৈ নিৰ্বাচিত "লাচিত দ‍্যা ৱাৰিয়ৰ"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in