মধুপুৰ সত্ৰৰ প্ৰথম সত্ৰাধিকাৰৰ তিৰোভাৱ তিথিৰ আয়োজন

মধুপুৰ সত্ৰৰ প্ৰথম সত্ৰাধিকাৰৰ তিৰোভাৱ তিথিৰ আয়োজন

ডিজিটেল সংবাদ, ধুবুৰীঃ অসমৰ ভক্তপ্ৰাণ ৰাইজৰ বৃন্দাবন সদৃশ কোচবিহাৰৰ মধুপুৰ সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ বুঢ়ীৰ পো গোবিন্দ আতৈৰ তিৰোভাৱ তিথি বিগত বছৰৰ দৰে এইবছৰৰো অহা ২৬, ২৭ আৰু ২৮ মাঘ (১০-১১-১২ ফেব্ৰুৱাৰী) তিনিদিনীয়া বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্য্যসূচীৰে মধুপুৰ সত্ৰত মধুপুৰ সত্ৰ সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত পালনৰ প্ৰস্তুতি চলোৱা হৈছে।

মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়ন আৰু সত্ৰৰ স্থানীয় তদাৰক সমিতিৰ সম্পাদক ডা⁰ কেৱশ দাসে জনোৱা মতে, ১০ ফেব্ৰুৱাৰী সন্ধিয়া ৫ বজাত উত্তৰবঙ্গৰ আমগুৰি, হৰিপুৰ, জলাইগুৰিৰ জলপেশ সত্ৰকে ধৰি অসম-বংগ সীমান্তৰ সত্ৰশাল, জিনকাটা আৰু শিমলাবাৰী সত্ৰৰ ভকতৰ গায়ন-বায়ন পৰিৱেশনেৰে তিৰোভাৱ তিথিৰ কাৰ্য্যসূচীৰ পাতনি মেলা হ'ব।

১১ ফেব্ৰুৱাৰী ৰাতিপুৱা ৫ বজাত প্ৰভাত ফেৰীৰে দ্বিতীয় দিনাৰ কাৰ্য্যসূচী আৰম্ভ হ'ব। সেইদিনা ৰাতিপুৱা ৮ বজাত ভাগৱৎ ভ্ৰমণ, ৯ বজাত নাম প্ৰসংগ, ১০ বজাত ভাগৱৎ পাঠ, ১২ বজাত আয়তিসকলৰ নাম আৰু আবেলি ২ বজাৰ পৰা পালনাম সমাৰোহ অনুষ্ঠিত হ'ব। এই পালনাম সমাৰোহত উত্তৰবঙ্গৰ ১০ খন সত্ৰ আৰু নামঘৰৰ ভকতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰৰ ভকতসকলে নাম পৰিৱেশন কৰিব। আনহাতে ১২ ফেব্ৰুৱাৰী তিৰোভাৱ তিথিৰ উল্লেখযোগ্য কাৰ্য্যসূচী হিচাপে জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱে মধুপুৰত নিজ হাতে ৰচনা কৰা গুণমালা, কীৰ্ত্তন পুথি আৰু ভাগৱতৰ দশম স্কন্ধকে ধৰি গুৰুজনাই ব্যৱহাৰ কৰা বিভিন্ন সেৱাৰ সামগ্ৰী ৰাইজৰ দৰ্শনৰ বাবে গুৰুগৃহৰ পৰা উলিয়াই অনা হ'ব। শংকৰদেৱৰ উপৰিও মহাপুৰুষ মাধৱদেৱে নিজ হাতেৰে লিখা নামঘোষা, ভক্তি ৰত্নাকৰ আৰু ভক্তি ৰত্নাৱলী গ্ৰন্থ কেইখনো ৰাইজৰ দৰ্শনৰ বাবে প্ৰদৰ্শন কৰা হ'ব।

মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে সত্ৰখনৰ প্ৰথম সত্ৰাধিকাৰগৰাকীৰ তিৰোভাৱ তিথি পালনৰ সন্দৰ্ভত ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথে গ্ৰহণ কৰা ভূমিকাক তীব্ৰ সমালোচনা কৰি কয় যে, ২০২২ চনৰ ৪ আগষ্টত গুৱাহাটীৰ অসম পৰ্যটন উন্নয়ন নিগমৰ কাৰ্যালয়ত পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সভাপতিত্বত আৰু পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ আৰু পৰিচালনা সমিতিৰ প্ৰতিনিধিৰ লগতে পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা এখন অতি উচ্চ পৰ্যায়ৰ সভাই প্ৰতিবছৰে মাঘ মাহৰ শুক্লা দ্বিতীয়া তিথিত অসম চৰকাৰৰ উদ্যোগত সত্ৰাধিকাৰ বুঢ়ীৰ পো গোবিন্দ আতৈৰ তিৰোভাৱ তিথি মধুপুৰ মহোৎসৱ হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

সেই সভাতেই এই উৎসৱ পালনৰ বাবে ধুবুৰী জিলাৰ আয়ুক্তক নডেল বিষয় হিচাপে নিযুক্তি দি আয়ুক্তগৰাকীক সভাপতি আৰু পৰ্যটন বিভাগৰ সঞ্চালককে ধৰি সত্ৰৰ সত্ৰাধিকাৰ আৰু সত্ৰ সমিতিৰ প্ৰতিনিধিক লৈ এখন সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা কৰিছিল।

সেই মৰ্মে ২০২৩ চনৰ ২২, ২৩ আৰু ২৪ জানুৱাৰীত অসম চৰকাৰে মধুপুৰ মহোৎসৱ পালন কৰিছিল। কিন্তু অতি পৰিতাপৰ আৰু দুৰ্ভাগ্যৰ বিষয় যে, এই বছৰ ধুবুৰী জিলাৰ আয়ুক্তগৰাকীৰ চৰম অৱহেলা আৰু অনিহাৰ বাবে অসম চৰকাৰে তিথি পালনৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আয়ুক্তগৰাকীৰ ময়মতালিৰ বাবে অসম চৰকাৰে ৰাজ্যৰ বাহিৰত মধুপুৰ মহোৎসৱ পালনৰ জৰিয়তে গুৰুজনাৰ আদৰ্শ আৰু কৃষ্টিসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গ্ৰহণ কৰা এক অভিলাশী আঁচনি আজি ব্যৰ্থ হৈছে। মধুপুৰ সত্ৰ সমিতিয়ে আয়ুক্তগৰাকীৰ এনেধৰণৰ কাৰ্য্যকলাপৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিবলৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।

মধুপুৰ সত্ৰৰ প্ৰথম সত্ৰাধিকাৰৰ তিৰোভাৱ তিথিৰ আয়োজন
বক্সাৰৰ আশাৰ ৰেঙণি 'ড্ৰীম স্পৰ্টছ ফাউণ্ডেশ্যন'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in