ঘোচ লৈ আটক হোৱা ধুবুৰী জিলা পৰিষদৰ জিলা আঁচনি বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত...

ঘোচ লৈ আটক হোৱা ধুবুৰী জিলা পৰিষদৰ জিলা আঁচনি বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত...

author-image
Asomiya Pratidin
New Update
ঘোচ লৈ আটক হোৱা ধুবুৰী জিলা পৰিষদৰ জিলা আঁচনি বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত...

ঘোচ লৈ আটক হোৱা ধুবুৰী জিলা পৰিষদৰ জিলা আঁচনি বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত...

ডিজিটেল ডেস্কঃ চৰকাৰী কামৰ বাবে উৎকোচ লোৱাৰ অৱস্থাতে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ জালত পৰা মৃণালকান্তি সৰকাৰ নামৰ বিষয়াগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। উল্লেখ্য যে, যোৱা ২১ জুলাইত ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়ৰ অতিৰিক্ত জিলা আঁচনি বিষয়া মৃণালকান্তি সৰকাৰক উৎকোচ লোৱাৰ অৱস্থাতে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে আটক কৰিছিল।

Advertisment

তেওঁৰ লগতে জিলা পৰিষদখনৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীকো আটক কৰিছিল। ইতিমধ্যে এই ঘোচখোৰ বিষয়াগৰাকীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।

শেহতীয়াকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ে এক নিৰ্দেশনাৰ জৰিয়তে জিলা পৰিষদখনৰ জিলা আঁচনি বিষয়া মৃণালকান্তি সৰকাৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে।

উল্লেখ্য, ৰাজ্যজুৰি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে অভিযান চলাই বহু চৰকাৰী বিষয়া, কৰ্মচাৰীক ঘোচ লোৱাৰ অৱস্থাতে আটক কৰিছে যদিও চৰকাৰী কৰ্মচাৰীৰ ঘোচখোৰ প্ৰৱণতা হ্ৰাস হোৱা নাই। প্ৰায় প্ৰতিদিনেই একাংশ এনে দুৰ্নীতি পৰায়ণ চৰকাৰী কৰ্মচাৰীয়ে দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ ওচৰত হাত দাঙিছে। সেয়ে এনে কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ দাবী উত্থাপন হৈছে।

Also Read: মিজোৰামত নিৰ্মীয়মাণ ৰে'লৱে দলং খহি অতি কমেও ৪০ জন শ্ৰমিকৰ মৃত্যু !

দুৰ্নীতি নিবাৰক আৰু নিবাৰক আৰু তদাৰকী কোষ