বিলাসীপাৰাত বিশ্ব দিব্যাংগ দিৱস পালন : বিশেষভাৱে সক্ষম আৰিজা, দীপেশলৈ প্ৰেৰণা বঁটা

বিলাসীপাৰাত বিশ্ব দিব্যাংগ দিৱস পালন : বিশেষভাৱে সক্ষম আৰিজা, দীপেশলৈ প্ৰেৰণা বঁটা

ডিজিটেল সংবাদ, ধুবুৰী: দুয়ো ভৰিৰ বিশেষ অংশ আৰু দুয়োখন হাত অসাৰ হৈ থকাৰ বাবে ছোৱালীজনীয়ে খোজ কাঢ়িব নোৱাৰে ৷ জন্মৰ পৰাই বিশেষ স্নায়ুৰোগত আক্ৰান্ত ছোৱালী জনী কিন্তু থমকি ৰোৱা নাই ৷ কোনোৰকমে মজিয়াত বহি বহিয়ে পঢ়া-শুনা কৰে ৷ শ্ৰেণীত প্ৰতিবাৰেই প্ৰথম-দ্বিতীয় স্থান দখল কৰি আহিছে তাই ৷ ৰাণীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অষ্টম শ্ৰেণীত পঢ়ি থকা সংগ্ৰামী ছোৱালীজনীৰ নাম আৰিজা আহমেদ ৷ দুয়োখন হাত সঠিকভাৱে সঞ্চালন কৰিব নোৱাৰা ছোৱালীজনী প্ৰথম শ্ৰেণীৰ পৰা ভৰিৰে লিখা-মেলা কৰি আহিছে ৷ ছবিও আঁকে ভৰিৰে ৷ পৰীক্ষাত ভৰিৰে লিখিয়ে প্ৰথম-দ্বিতীয় স্থান লাভ কৰি আহিছে ৷ আৰিজা এগৰাকী সুবক্তাও৷ যিকোনো সভাত সুন্দৰ ভাষণ দিব পাৰে আৰিজা ৷

কণমানি মেধাবী ছাত্ৰীগৰাকীক সোমবাৰে প্ৰদান কৰা হয় প্ৰেৰণা বঁটা ৷ ধুবুৰী জিলা আৰু বিলাসীপাৰা খণ্ড সৰ্বশিক্ষা অভিযানৰ উদ্যোগত আয়োজিত আন্তৰ্জাতিক বিশেষভাৱে সক্ষম ব্যক্তি দিৱসত এই বঁটা প্ৰদান কৰে বিলাসীপাৰাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিষ্ণুচৰণ নাথ আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰতন কুমাৰ সূত্ৰধৰে ৷

আৰিজা আহমেদৰ লগতে প্ৰেৰণা বঁটা আগবঢ়োৱা হয় আশাৰীকান্দি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ দীপেশ ৰায়ক ৷ দীপেশ ৰায়ক উচ্চ মাধ্যমিকত সৰ্বাধিক নম্বৰ প্ৰাপ্তিৰ বাবে এই বঁটা প্ৰদান কৰা হয় ৷ দীপেশ ভালদৰে খোজকাঢ়িব নোৱাৰে৷ শাৰীৰিক বাধাগ্ৰস্থতাক নেওচি বিভিন্ন পৰীক্ষাত সফলতা লাভ কৰি আহিছে দীপেশ ৷ প্ৰেৰণা বঁটাত থাকে মানপত্ৰ, ট্ৰফি আৰু একোটাকৈ এলচিডি ৷

উল্লেখযোগ্য যে, বিলাসীপাৰাত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক বিশেষভাৱে সক্ষম ব্যক্তি দিৱস পালন কৰা হয় ৷ পুৱা পতাকা উত্তালনেৰে কাৰ্যসূচী মুকলি কৰে বিদ্যালয়সমূহৰ পকিদৰ্শক বিষ্ণুচৰণ নাথে ৷ গছপুলি ৰোপন কাৰ্যসূচী মুকলি কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰতন কুমাৰ সূত্ৰধৰে ৷ ইয়াৰ পাছতে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীক লৈ শোভাযাত্ৰা উলিওৱা হয় ৷

বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন খেল-ধেমালীৰ পাছত স্বাস্থ্য পৰীক্ষা কৰি ঔষধ প্ৰদান কৰা হয় ৷ মুল সভাত আৰিজা আহমেদ আৰু দীপেশ ৰায়ক বিশেষভাৱে তত্বাৱধান কৰা শিক্ষক ক্ৰমে ৰবিউল আলী আৰু অজাহাৰ আলীক ফুলাম গামোচা, মানপত্ৰ আৰু ট্ৰফিৰে সম্বৰ্ধনা জনোৱা হয় ৷ সভাত সৰ্বাত্মক শিক্ষাৰ ডিপিঅ শ্বাহনাজ বেগম, প্ৰলোচক বিষয়া সুৰজিৎ পাল, সমল ব্যক্তি ক্ৰমে জামাল উদ্দিন আহমেদ, ৰেজিনা খাতুন, মেহৰুণ নেছা, সৃজনগ্ৰাম খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনোজ কুমাৰ ফুকন, শিক্ষক সন্মিলণীৰ আব্দুল জলিল, সাজাহান আহমেদ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

সভাত বিভিন্ন খেল-ধেমালীত পাৰদৰ্শিতা দেখুওৱা বিশেষ ভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীক পুৰস্কাৰ প্ৰদানৰ লগতে বিশেষভাৱে সক্ষম চাৰ্টিফিকেট প্ৰদান কৰা হয় ৷ হুইল চেয়াৰৰ প্ৰয়োজন হোৱা বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীক হুইল চেয়াৰ প্ৰদান কৰা হয় ৷

বিলাসীপাৰাত বিশ্ব দিব্যাংগ দিৱস পালন : বিশেষভাৱে সক্ষম আৰিজা, দীপেশলৈ প্ৰেৰণা বঁটা
৩ ৰাজ্যত ৩ নেতাই ডুবালে কংগ্ৰেছক...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in