ধুবুৰীৰ পানবাৰীত চোৰাং সাৰ ভৰ্তি ট্ৰাক জব্দ..

ধুবুৰীৰ পানবাৰীৰ কাউন বাৰীত চোৰাং সাৰ ভৰ্তি ট্ৰাক জব্দ ১৩০ বেগকৈ চোৰাং ইউৰীয়া সাৰ সহ ট্ৰাক গাড়ী জব্দ

author-image
Asomiya Pratidin
New Update
ধুবুৰীৰ পানবাৰীত চোৰাং সাৰ ভৰ্তি ট্ৰাক জব্দ..

ডিজিটেল ডেস্ক, বিলাসীপাৰা: শেহতীয়াকৈ অসম চৰকাৰে দৰিদ্ৰ কৃষক ৰাইজক সকাহ দিয়াৰ বাবে আধাৰ কাৰ্ড সংযোগ কৰি সাৰ যোগান ধৰাৰ আঁচনি ৰূপায়ণৰ চেষ্টা কৰিছে। পিছে তেনে সময়তে চোৰাং ইউৰীয়া সাৰ ভৰ্ত্তি ট্ৰাক জব্দ হোৱাৰ কথা পোহৰলৈ আহিছে।

Advertisment

যোৱা নিশা ১০ মান বজাত ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অধীনস্থ আটানী উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া খঞ্জন চৌধুৰীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলায়। অভিযানত পানবাৰী নিকটৱৰ্তী কাউনবাৰী বজাৰৰ পৰা চোৰাং ইউৰীয়া সাৰ ভৰ্ত্তি গাড়ী জব্দ কৰে। পিছে আৰক্ষীক প্ৰত্যক্ষ কৰি গাড়ীৰ চালক, হেণ্ডিমেন, চোৰাং বেপাৰীকে ধৰি ছিণ্ডিকেটৰ আটাইকেইজনে পলায়ন কৰে।

জব্দাকৃত ইউৰীয়া সাৰ ভৰ্ত্তি এম এল ০৭ চি ১০৩৬ নম্বৰৰ গাড়ীখন বৰ্তমান আটানী আৰক্ষী চকীৰ চৌহদত ৰাখি তদন্ত অব্যাহত ৰাখিছে আক্ষীয়ে। অৱশ্যে তদন্তৰ সৈতে জড়িত আৰক্ষী বিষয়া গৰাকীয়ে তদন্তৰ খাতিৰত মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

Also Read: প্ৰকাশ পালে বন্যহস্তী মৃত্যুৰ তথ্য...