সদৌ ধুবুৰী জিলা সত্ৰ মহাসভাৰ বৰ্দ্ধিত সাধাৰণ সভা সম্পন্ন

সদৌ অসম সত্ৰ মহাসভাৰ ধুবুৰী জিলা সমিতিৰ এখন বৰ্দ্ধিত সাধাৰণ সভা আজি ধুবুৰীৰ বিলাসীপাৰা চহৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সভাগৃহত অনুষ্ঠিত হৈ যায় ।

author-image
Asomiya Pratidin
New Update
সদৌ ধুবুৰী জিলা সত্ৰ মহাসভাৰ  বৰ্দ্ধিত সাধাৰণ সভা সম্পন্ন

ডিজিটেল সংবাদ ধুবুৰীঃ সদৌ অসম সত্ৰ মহাসভাৰ ধুবুৰী জিলা সমিতিৰ এখন বৰ্দ্ধিত সাধাৰণ সভা দেওবাৰে ধুবুৰীৰ বিলাসীপাৰা চহৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সভাগৃহত অনুষ্ঠিত হৈ যায় । এই উপলক্ষে বিশিষ্ট সত্ৰীয়া কলা-সংস্কৃতিৰ সাধক,সদৌ অসম সত্ৰ মহাসভাৰ সভাপতি, মাজুলীৰ গড়মূৰ সৰুসত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীৰ সভাপতিত্বত ধুবুৰী জিলাৰ বিভিন্ন স্থানৰ নামঘৰ সমিতি আৰু বিভিন্ন আধ্যাত্মিক ক্ষেত্ৰৰ পৰা অহা দুই শতাধিক বিশিষ্ট পুৰুষ মহিলাৰ উপস্থিতিত অনুষ্ঠিত হয় এই ৰাজহুৱা সভা।

Advertisment

সভাত মুখ্য অতিথি হিচাবে অংশগ্রহণ কৰি দিয়া ভাষণত "সদৌ অসম সত্ৰ মহাসভা"ৰ প্ৰধান সম্পাদক,নগাঁও জিলাৰ শ্ৰীশ্ৰীজগৰাল সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীয়ে মানুহৰ পৰিশীলিত জীৱন ধাৰণত সত্ৰীয়া কলা -সংস্কৃতি আৰু গুৰুজনাৰ সৃষ্টি আদৰ্শ কৰ্মৰাজিয়ে কিদৰে প্ৰভাৱ পেলাইছে তাৰ ওপৰত সাৱলীল ব্যাখ্যা দাঙি ধৰে । তেওঁ সদৌ অসম সত্ৰ মহাসভাৰ লক্ষ্য, উদেশ্য আৰু আদৰ্শ সম্পৰ্কে বহল ব্যাখ্যা আগবঢ়োৱাৰ লগতে সত্ৰীয়া কলা-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ তথা বিকাশৰ লগতে গুৰুজনাৰ সৃষ্টি,আদৰ্শ আৰু কৰ্মৰাজিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিবলৈ উপস্থিত সকলোকে আহ্বান জনায় ।

তেওঁ সাকাৰ আৰু নিৰাকাৰ উপাসনা আৰু ভক্তিমাৰ্গ তথা কৰ্মমাৰ্গ সন্দৰ্ভত সাৱলীল বক্তব্য আগবঢ়ায় । সভাত সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিশ্বজিত কলিতা,বিলাসীপাৰাৰ বিশিষ্ট সমাজকৰ্মী জয়ন্ত কলিতা ,মনোৰঞ্জন দাস আদিয়ে সদৌ অসম সত্ৰ মহাসভাৰ লক্ষ্য উদ্দেশ্য আদৰ্শক প্ৰশংসা কৰাৰ লগতে সকলোকে সদৌ অসম সত্ৰ মহাসভাৰ পতাকাৰ তলত একত্ৰিতভাবে থিয় দিবলৈ আহ্বান জনায় ।

সদৌ ধুবুৰী জিলা সত্ৰ মহাসভাৰ সম্পাদক ৰঞ্জিত ঘোষ আৰু ধ্ৰুৱৰঞ্জন চক্ৰৱৰ্তীয়ে যুটীয়াভাৱে আঁত ধৰা সভাখনত আই কনকলতা মহিলা তীৰ্থৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদিকা জয়শ্ৰী গোস্বামী,সদৌ বঙাইগাঁও জিলা সত্ৰ মহাসভাৰ সভাপতি সত্যনাৰায়ণ কলিতা আৰু বিলাসীপাৰাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য শিৱাজী কৰ্মকাৰ ,ধুবুৰী জিলা আই কনকলতা মহিলা তীৰ্থৰ সভানেত্ৰী ডালিমী দাস আদি বহু বিশিষ্ট লোকে ভাষণ দিয়ে ।

উক্ত সভাতে বিলাসীপাৰাৰ বিশিষ্ট সমাজকৰ্মী জয়ন্ত কলিতাক সভাপতি , বিশ্বজিত কলিতা, নিখিল ৰঞ্জন দাসক কাৰ্যকৰী সভাপতি , ৰঞ্জিত ঘোষক সম্পাদক হিচাবে লৈ ৫১ জনীয়া কাৰ্যনিৰ্বাহক সদস্যৰে "সদৌ ধুবুৰী জিলা সত্ৰ মহাসভা"খন বৰ্দ্ধিত ৰূপত পুনৰ গঠন কৰা হয় ।

সভাই সদৌ ধুবুৰী জিলা সত্ৰ মহাসভাৰ আগন্তুক কাৰ্যনিৰ্বাহক সভাখন অহা ২৯ অক্টোবৰ বিলাসীপাৰা নামঘৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ১৫ নৱেম্বৰৰ সত্ৰীয়া সংস্কৃতি দিৱসটি জিলা ভিত্তিত বিলাসীপাৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনত উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

Also Read: দেশৰ বিভিন্ন স্থানৰ লগতে কামাখ্যা মন্দিৰতো নৱৰাত্ৰি উদযাপন...