ধুবুৰীত আৰক্ষীৰ অভিযান: বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ এজনক আটক

ধুবুৰীত আৰক্ষীৰ অভিযান: বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ এজনক আটক

author-image
Asomiya Pratidin
New Update
ধুবুৰীত আৰক্ষীৰ অভিযান: বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ এজনক আটক

ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰীৰ শৌলমাৰী আৰক্ষী চকীৰ এটি দলে এক গোপন তথ্যৰ ভিত্তিত নিকটৱৰ্তী বেপাৰীপাৰা অন্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহ জনক ব্ৰাউন চুগাৰ সহ এজন সৰৱৰাহকাৰীক আটক কৰে। ধৃত ব্যক্তিজন হামিদুল ইছলাম বুলি জানিব পৰা গৈছে।

Advertisment

হামিদুল ইছলামৰ ঘৰৰ চিলিঙৰ পৰা সন্দেহ জনক ব্ৰাউন চুগাৰখিনি আৰক্ষীয়ে জব্দ কৰে। ঘটনাস্থলীত শৌলমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আকিব ৰেজাৰ লগতে আৰক্ষীৰ এটা দলে উপস্থিত হৈ ৪০টা সন্দেহজনক ব্ৰাউন ছুগাৰ ভৰ্তি কন্টেইনাৰ জব্দ কৰাৰ লগতে চাবোনৰ কেচতো সন্দেহজনক ব্ৰাউন ছুগাৰ জব্দ কৰা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰৱৰাহ কাৰী জনৰ পৰা ১০৩ টা খালি কন্টেনাৰো জব্দ কৰে। আৰক্ষীৰ দলটোৱে ড্ৰাগছ সৰবৰাহকাৰী জনক আটক কৰি শৌলমাৰী আৰক্ষী চকীলৈ আনি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Also Read: কোন এইগৰাকী সাংসদ, যাৰ নিৰাপত্তাত নিযুক্ত কনিষ্টবল স্বামী...

dhubri police