কোন এইগৰাকী সাংসদ, যাৰ নিৰাপত্তাত নিযুক্ত কনিষ্টবল স্বামী...

কোন এইগৰাকী সাংসদ, যাৰ নিৰাপত্তাত নিযুক্ত কনিষ্টবল স্বামী...

author-image
Asomiya Pratidin
New Update
কোন এইগৰাকী সাংসদ, যাৰ নিৰাপত্তাত নিযুক্ত কনিষ্টবল স্বামী...

ডিজিটেল ডেস্কঃ প্ৰতি মুহূৰ্ততে সাংসদ পত্নীৰ ওপৰত নজৰ ৰাখিছে কপ্তান সিং নামৰ এজন লোকে। স্বামীৰ অবিহনে কোনো স্থানলৈ যাব নোৱাৰে ৰাজস্থানৰ ভাৰতপুৰ লোকসভা আসনৰ সাংসদ সঞ্জনা জাটৱে। ঘৰৰ পৰা ওলাই অহা লগে লগে তেওঁৰ ছাঁৰ দৰে লাগি থাকিব স্বামী। চৌপাশে ঘটি থকা প্ৰতিটো কামৰ ওপৰত চকু ৰাখিব স্বামী কপ্তানে। কাৰণ সঞ্জনাৰ ব্যক্তিগত নিৰাপত্তা বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে সাংসদ সঞ্জনা জাটৱৰ স্বামী কপ্তান সিঙক।

Advertisment

এইবেলি কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি সংসদত উপস্থিত হৈছে সঞ্জনা জাটৱ। যিহেতু তেওঁৰ স্বামী কপ্তান সিং বৰ্তমান কনিষ্টবল পদত কৰ্মৰত, এনে পৰিস্থিতিত আৰক্ষী অধীক্ষকে সঞ্জনাৰ স্বামী কপ্তান সিঙক সাংসদ পত্নীৰ ব্যক্তিগত নিৰাপত্তা বিষয়া হিচাপে নিযুক্তি দিছে।

সাংসদ জাটৱে কয় যে, তেওঁৰ স্বামী তেওঁৰ আটাইতকৈ ডাঙৰ শক্তি। এতিয়া কৰ্তব্যৰ সময়তো তেওঁ যিহেতু লগতে থাকিব সেয়ে অধিক শক্তিশালী অনুভৱ কৰিছে সঞ্জনাই।

আনহাতে এই সন্দৰ্ভত সঞ্জনাৰ স্বামী কপ্তান সিঙে কয় যে, সাংসদগৰাকীয়ে তেওঁৰ লগত অধিক সুৰক্ষিত অনুভৱ কৰিব। সঞ্জনাক সুৰক্ষা দিয়াৰ দায়িত্ব পোৱা সন্দৰ্ভত তেওঁ সুখ প্ৰকাশ কৰে। এমাহ পূৰ্বে সঞ্জনাৰ নিৰাপত্তাৰ বাবে অনুমতি বিচাৰিছিল স্বামী সিঙে। সেয়ে এই ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছে আৰক্ষী বিভাগে।

উল্লেখ্য যে, ১৮ বছৰ বয়সত কেপ্তেইন সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সঞ্জনা জাটৱ। শহুৰেক ৰাজনীতিত থকা বাবেই ৰাজনীতিত প্ৰৱেশ কৰে সঞ্জনাই। ৱাৰ্ড নিৰ্বাচনত জয়ী হোৱাৰ পিছত সঞ্জনাই ২০১৩ চনত কাঠুমাৰ বিধানসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাস্ত হৈছিল।

অৱশ্যে কংগ্ৰেছে পুনৰ তেওঁৰ ওপৰত আস্থা প্ৰকাশ কৰি তেওঁক লোকসভা নিৰ্বাচনৰ টিকট প্ৰদান কৰে। এইবেলি নিৰ্বাচনত জয় লাভ কৰি ৰাজস্থানৰ আটাইতকৈ কম বয়সীয়া সাংসদ হিচাপে অতি জনপ্ৰিয়তা লাভ কৰিছে সঞ্জনা জাটৱে।

mp sanjana jatav