ধুবুৰী আৰক্ষীৰ সফলতা: গ্ৰেপ্তাৰ কুখ্যাত মাফিয়া জেলাল আলী...

ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীৰ জালত গো-মাফিয়া জেলাল আলী বেপাৰী। অভিযুক্ত জেলাল আলী বেপাৰী বিগত দুটা বছৰ ধৰি আত্মগোপন কৰি আছিল

author-image
Asomiya Pratidin
New Update
ধুবুৰী আৰক্ষীৰ সফলতা: গ্ৰেপ্তাৰ কুখ্যাত মাফিয়া জেলাল আলী...

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীৰ জালত কুখ্যাত গো-মাফিয়া জেলাল আলী বেপাৰী। বিভিন্ন অভিযোগত অভিযুক্ত জেলাল আলী বেপাৰীয়ে বিগত দুটা বছৰ ধৰি নিজকে আত্মগোপন কৰি ৰাখিছিল।

Advertisment

আৰম্ভণিত সোণৰ ব্যৱসায়ী আছিল এইজন জেলাল বেপাৰী। বাংলাদেশৰ পৰা সোণ আনি কলিকতাত বিক্ৰী কৰিছিল চোৰাং ভাৱে। ইপিনে যি সময়ৰ পৰা ধুবুৰী বাংলাদেশ সীমান্তয়েদি গোধন চালান আৰম্ভ হয়, সেই সময়ৰ পৰাই গোধনৰ অবৈধ সৰবৰাহ কাৰ্যত বিহাৰ, উত্তৰ প্ৰদেশ হাৰিয়ানা আদি ঠাইৰ পৰা আব্দুল মজিদ, আব্দুল জববাৰ, আৰু পৰৱৰ্তী সময়ত চণ্ডী আৰু আদমৰ সহায়ত চলাই যায় গোধনৰ ৰমৰমীয়া ব্যৱসায়।

গোধনৰ অবৈধ ব্যৱসায়েৰে অতি কম দিনৰ ভিতৰতেই কোটিপতি হৈ পৰে জেলাল আলী বেপাৰী। গোধনৰ লগতে বিভিন্ন অসমাজিক কার্যকলাপত লিপ্ত হৈ পৰিছিল এইজন গো-মাফিয়া। এনে কোনো অবৈধ ব্যৱসায় নাই যি এই জেলাল আলী বেপাৰীয়ে কৰা নাই। অপৰাধৰ তালিকা দিনে দিনে বৃদ্ধি পাই উঠিছিল এইজন গো-মাফিয়াৰ। দীৰ্ঘদিন ধৰি বহি: ৰাজ্যৰ পৰা গোধন আনি বাংলাদেশ লৈ সৰবৰাহ কৰি থকাৰ লগতে আন বহুতো অবৈধ কাৰ্যকলাপৰ অভিযোগ আছে জেলাল আলী বেপাৰীৰ বিৰুদ্ধে।

বৰ্তমানেও বাংলাদেশ আৰু পশ্চিম বংগৰ পৰা গোপনে চলাই আছিল গো-সৰবৰাহ ৰমৰমীয়া বেহা। গৌৰীপুৰ আৰক্ষীৰ মাৰাথন জেৰাত জেলালে ইতিমধ্যে স্বীকাৰ কৰে অবৈধ ব্যৱসায়ৰ কথা। গৌৰীপুৰ আৰক্ষীৰ এয়া বৃহৎ সাফল্য। বাংলাদেশৰ বহু আৰক্ষীৰ জেৰাত বহু ন-ন তথ্য আহিব পাৰে সন্মুখত। তদুপৰি বহু কেইজন সংগীও হ'ব পাৰে গ্ৰেপ্তাৰ।

শণিবাৰে গৌৰীপুৰ চিকিৎসালয়ত শাৰীৰিক পৰীক্ষা কৰা হয় জেলাল বেপাৰীৰ। লগতে ধুবুৰী জিলা আদালতত হাজিৰ কৰোৱা হয় এইজন কুখ্যাত মাফিয়াক। জেলাল আলীৰ গ্ৰেপ্তাৰৰ পিছতে কোটি কোটি টকাৰ সা-সম্পত্তিও হ'ব পাৰে জব্দ। ইয়াৰ সমান্তৰালভাৱে জেলাল আৰক্ষীৰ কবলত পৰিছে যদিও বৰ্তমানেও পশ্চিমবঙ্গত আত্মগোপন কৰি আছে কুখ্যাত চণ্ডী ওৰফে ছাৰফেৰাজ।

Also Read: অসম কৃষি বিশ্ববিদ্যালয়ত চাৰিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন...

Assam police