ধুবুৰীত জন্মৰ জাল প্ৰমাণ পত্ৰ বনাই বিক্ৰী কৰা প্ৰবঞ্চকক গ্ৰেপ্তাৰ

ধুবুৰীত জন্মৰ জাল প্ৰমাণ পত্ৰ বনাই বিক্ৰী কৰা প্ৰবঞ্চকক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
ধুবুৰীত জন্মৰ জাল প্ৰমাণ পত্ৰ বনাই বিক্ৰী কৰা প্ৰবঞ্চকক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ,ধুবুৰী: জন্মৰ জাল প্ৰমাণ পত্ৰ বিক্ৰী কৰি গৌৰীপুৰত অৱশেষত আৰক্ষীৰ হাতত পৰিল এজন প্ৰৱঞ্চক। গৌৰীপুৰ আৰক্ষী থানাৰ কাউনবাৰী বজাৰত পঞ্জাৱ নেছনেল বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ চলোৱা মোছাদুৰ ৰহমান নামৰ যুৱক জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বুধবাৰে ধুবুৰী আদালতলৈ প্ৰেৰণ কৰে।

Advertisment

মোছাদুৰ ৰহমানৰ ঘৰ আলমগঞ্জ ৬ষ্ঠ খণ্ড গাঁৱত। অভিযোগ মতে মোছাদুৰ ৰহমানে জন্মৰ জাল প্ৰমাণ পত্ৰ বনাই বহু লোকক বিপথে পৰিচালনা কৰি আহিছিল। প্ৰবঞ্চক মোছাদুৰৰ পৰা ক্ৰয় কৰা জন্মৰ প্ৰমাণ পত্ৰ এখন পৰীক্ষা কৰিবলৈ স্থানীয় যুৱক এজনে অলপতে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত গৈছিল। তাতে যুৱক জনে ক্ৰয় কৰা জন্মৰ চাৰ্টিফিকেট খন জাল বুলি প্ৰমাণিত হৈছিল।

হাস্পতাল কৰ্তৃপক্ষৰ তথ্যৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীয়ে প্ৰবঞ্চক মোছাদুৰৰ বিৰুদ্ধে এখন গোচৰ পঞ্জীয়ন কৰিছিল। গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি বৈশ্যৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কাউনবাৰী বজাৰত থকা মোছাদুৰৰ চি এছ পিত অভিযান চলাই এটা লেপটপ, কম্পিউটাৰ আৰু এটা মোবাইল ফোন সহ প্ৰবঞ্চক মোছাদুৰ ৰহমানক মঙলবাৰে গ্ৰেপ্তাৰ কৰে। জন্মৰ জাল প্ৰমাণ পত্ৰ বনোৱাৰ সকলো তথ্য লাভ কৰে আৰক্ষীয়ে। আজি প্ৰবঞ্চক মোছাদুৰক আৰক্ষীয়ে ধুবুৰী আদালতত হাজিৰ কৰোৱাত আদালতে মোছাদুৰক জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

Also Read: শক্তিমন্ত্ৰী গেলিছে গোন্ধাইছে! বিহপুৰীয়াত শক্তি বিভাগৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ...

dhubri