/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-12/zx42kh7b/AP FOR WEB 1.png)
আজিও সংৰক্ষিত হৈ আছে ধুবুৰী আয়ুক্তৰ চৰকাৰী বঙলাত উৰা ব্ৰিটিছৰ পতাকা...
ডিজিটেল সংবাদ ধুবুৰীঃ ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতা লাভ কৰাৰ দিনা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অবিভক্ত গোৱালপাৰা জিলাৰ ধুবুৰী সদৰত থকা আয়ুক্তৰ কাৰ্যালয়ত ত্ৰিৰংগ পতাকাই স্বাধীন নাগৰিকৰ গৌৰৱ, সন্মান বৃদ্ধি কৰিছিল। ভাৰত-বাংলা সীমান্তৰ অতি স্পর্শকাতৰ ধুবুৰী সদৰত থকা আয়ুক্তৰ কাৰ্যালয়ত জাতীয় পতাকাই সকলােৰে মন পবিত্ৰ কৰি তুলিছিল।
১৯৪৭ চনৰ ১৫ আগষ্টৰ পূর্বে ধুবুৰী আয়ুক্তৰ চৰকাৰী বঙলাত উৰিছিল দুখনকৈ ব্ৰিটিছৰ পতাকা। সেই ব্ৰিটিছৰ পতাকা দুখনো আজিৰ তাৰিখত সুৰক্ষিত অৱস্থাতে আছে। ইয়াৰে এখন পতাকা গুৱাহাটীৰ সংগ্ৰহালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু আনখন পতাকা এতিয়াও ধুবুৰী সংগ্ৰহালয়ত ৰখা আছে।
ধুবুৰীৰ ইতিহাস, সংস্কৃতি, লােকাচাৰ যে এটা সময়ত অধিক উন্নত আৰু বিশ্বৰ দৰবাৰত প্রতিষ্ঠিত আছিল, সেই কথা বাৰম্বাৰ প্রমাণিত হৈ আহিছে। ধুবুৰীকে ধৰি জিলাখনৰ সংস্কৃতি, ইতিহাসৰ লগতে পশ্চিম অসমৰ সংস্কৃতি ধৰি ৰখাত বৰ্তমানে আপ্ৰাণ চেষ্টা চলাই আছে ধুবুৰী জিলা সংগ্ৰহালয়ে।
১৯৮৮ চনৰ ৬ জুলাইত ঐতিহ্যবহনকাৰী সংগ্ৰহালয়টো স্থাপন কৰা হৈছিল। ৩৩ টা বছৰ অতিক্ৰম কৰা ধুবুৰী সংগ্রহালয়ত আছে বহু মূল্যবান সম্পদ, সামগ্রী আদি। অতীতৰ বহু তথ্য, নজনা বহু কথা সংগ্ৰহালয়ৰ পৰাই জানিব পৰা যায়।
মুঠতে ধুবুৰীৰ অতীত গৌৰৱৰ একমাত্র সাক্ষী হৈ আছে এই সংগ্রহালয়টো। ধুবুৰী জিলা সংগ্রহালয়ত প্রায় এহেজাৰবিধ সামগ্রী, সমল আছে। স্বাধীনতাৰ পূৰ্বৰ অতি প্রাচীন বহুতাে সামগ্রী আছে।
জনা মতে, ধুবুৰীত পূর্বতে এটা দুর্গ আছিল। সেই দুৰ্গৰ ভগ্নাৱশেষ সংগ্রহালয়ত সুৰক্ষিত কৰা আছে। তদুপৰি প্রাচীন মুদ্ৰাৰ বহু সংগ্রহ আছে সংগ্রহালয়ত। ৰজা নৰনাৰায়ণৰ আমােলকে ধৰি বহুতাে ৰজাৰ, ব্ৰিটিছ শাসকৰ প্ৰচলিত মুদ্রা সংৰক্ষিত অৱস্থাত আছে।
১৯৪৭ চনৰ পূর্বে ধুবুৰী চহৰত ইংৰাজসকলৰ সমাগম যে যথেষ্ট আছিল তাৰ প্রমাণ পােৱা যায় এই প্রাচীন মুদ্ৰাৰপৰা। কিয়নাে ১৯৩৯ চনৰ আৰু তাৰ আগৰ বহুতাে মুদ্রা সংগ্রহালয়ত আছে। আহােমৰ ৰজা, কিং জর্জ পঞ্চম, কিং জর্জ ষষ্ঠৰ মুদ্ৰাও আছে।
ধুবুৰী জিলাৰ বৰুণডংগাত উদ্ধাৰ হােৱা ১৫৫৫ খ্ৰীষ্টাব্দৰ নৰনাৰায়ণৰ চাৰিটা মুদ্ৰা সংগ্ৰহালয়ত আছে। ভিক্টোৰিয়াৰ তামৰ মুদ্ৰা, ঔৰংজেৱৰ মুদ্ৰাৰ স্বাক্ষৰ চাই জানিব পাৰি যে তাহানিৰ দিনত ঐতিহাসিক ধুবুৰীৰ যথেষ্ট গুৰুত্ব আছিল।
বৰ্তমানে ধুবুৰীৰ সংগ্ৰহালয়ত বিভিন্ন পৌৰাণিক চিত্ৰশিল্প, মাটি আৰু পোৰা মাটিৰ সামগ্ৰী, কাঠৰ সামগ্ৰী, ধাতু, কাঁহৰ সামগ্ৰী, ৰূপসী ৰাজবাৰীৰ ভাস্কৰ্য সম্বলিত কাঠৰ দৌলমণ্ডপ, সোণৰ আ-অলংকাৰ আদি সংৰক্ষিত কৰা আছে।
Also Read: লংকাৰ কাকীত অবৈধ অস্ত্ৰসহ এজনক আটক...