ধুবুৰীত চাফাই কৰ্মীৰ লগতে দুখীয়া ৰাইজৰ বাবে স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন

ধুবুৰীত চাফাই কৰ্মীৰ লগতে দুখীয়া ৰাইজৰ বাবে স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন

author-image
Asomiya Pratidin
New Update
ধুবুৰীত চাফাই কৰ্মীৰ লগতে দুখীয়া ৰাইজৰ বাবে স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী নগৰীয়া প্ৰাথমিক স্বাস্থ্য আয়ুষ্মান আৰোগ্য মন্দিৰৰ সহযোগত দেওবাৰে ধুবুৰী পৌৰসভা কাৰ্যালয় চৌহদত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। স্বচ্ছতা হি সেৱা ২০২৪ ৰ এক কাৰ্যসূচী অনুসৰি ধুবুৰী জিলা স্বাস্থ্য সমিতি আৰু ধুবুৰী পৌৰসভাৰ উদ্যোগত এই শিবিৰৰ আয়োজন কৰে।

Advertisment

এই স্বাস্থ্য শিবিৰত ধুবুৰী পৌৰসভাৰ অধীনত কাম কৰা চাফাই কৰ্মী সকল আৰু দুখীয়া ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ-পাতি আদি বিতৰণ কৰা হয়। আজি ধুবুৰী পৌৰ সভাৰ পৌৰপতি ডা: দেৱময় সান্নালে সাংবাদিকৰ আগত কয় যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৪ সংখ্যক জন্ম দিৱসৰ লগতে অহা ২ অক্টোৱৰত মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে এই স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। ধুবুৰী স্বাস্থ্য বিভাগ, আই এম এ, ৰেডক্ৰছ ছ'ছাইটী কে ধৰি বিভিন্ন দল-সংগঠনে এই কাৰ্যত সহযোগ কৰিছে বুলি তেঁও উল্লেখ কৰে।

Also Read: আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰিব নেকি অনুপ চেতিয়াই?