আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰিব নেকি অনুপ চেতিয়াই?

আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰিব নেকি অনুপ চেতিয়াই?

author-image
Asomiya Pratidin
New Update
আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰিব নেকি অনুপ চেতিয়াই?

ডিজিটেল ডেস্কঃ আলফা আৰু চৰকাৰৰ মাজত চুক্তি স্বাক্ষৰিত হোৱা পিছত এতিয়া ৰাজনীতি লৈ ঢাপলি মেলিব নেকি আলফাৰ অন্যতম প্ৰতিষ্ঠাপক অনুপ চেতিয়া ওৰফে গোলাপ বৰুৱা? তেনে এক প্ৰশ্নই এতিয়া দোলা দিছে জেৰাই গাঁও তথা চাবুৱা বাসীৰ মনত। কিয়নো নিজৰ ওপজা গাঁও খনত উপস্থিত হৈ অসমৰ অন্যতম আঞ্চলিক দলটোৰ প্ৰতি আকৰ্ষিত হোৱাৰ ধাৰনা দি কেইবাটাও মন্তব্য আগবঢ়াইছে চেতিয়াই।

Advertisment

এইবেলি ১৪ অক্টোবৰত ঐতিহাসিক জেৰাই গাঁৱত অনুষ্ঠিত হব অগপৰ ৪০সংখ্যক প্ৰতিষ্ঠা দিৱস। সেই উপলক্ষে আজি লাইখুটা স্থাপন হয়। প্ৰতিষ্ঠা দিৱসৰ স্থলীত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয় অনুপ চেতিয়াই।

অগপৰ প্ৰতিষ্ঠা দিৱসৰ সফল সমাপনৰ কামনা কৰি জেৰাই গাঁৱত পূৰ্বৰে পৰা আঞ্চলিক জাতীয়তাবাদৰ ভেটি আছে বুলি উল্লেখ কৰি বৃহত্তৰ জেৰাইবাসী তথা সমীপৰ ৰাইজক ১০ ছেপ্তেম্বৰৰ দিনা সদলবলে কাৰ্য্যসূচী সফল কৰি তুলিবলৈ আহ্বান জনাই চেতিয়াই।

কিছুমাহ পূৰ্বে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ অসমৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাই অগপত যোগদান কৰিছিল। ইয়াৰ পাছতে অনুপ চেতীয়া অগপৰ প্ৰশংসাত পঞ্চমুখ হোৱা কাৰ্য্যই সকলোৰে মনত প্ৰশ্নৰ সৃষ্টি কৰিছে।

anup chetiya