ডিজিটেল সংবাদ, ধুবুৰী: অসম চৰকাৰৰ শিক্ষা বিভাগৰ টোগলকী কাণ্ডৰ বাবেই ধুবুৰীৰ এখন নামজ্বলা বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক দুপৰীয়াৰ মধ্যহ্ন ভোজনৰ আহাৰ বাকীত খুৱাব লগীয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। তদুপৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকাৰ বাবে সেই বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলে পেন ডাউন কৰিবলৈও বাধ্য হৈছে। প্ৰাপ্ত খবৰ মতে, ধুবুৰীৰ ঐতিহ্যমণ্ডিত চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যায়লয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলে মঙলবাৰৰ পৰা বিদালয়তখনত কৰ্ম বিৰতি পালন কৰিছে। ইয়াৰ বাবে বিদ্যালয়খনৰ ছাত্ৰীসকলক কোনো ধৰণৰ পাঠদান দিয়া হোৱা নাই।
উল্লেখযোগ্য যে, যোৱা জুলাই মাহৰ দৰমহা বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলে পোৱা নাই। তদুপৰি যোৱা ৮ আগষ্টৰ পৰা বিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলে ছাত্ৰীসকলৰ দুপৰীয়াৰ মধ্যহ্ন ভোজনৰ আহাৰৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰীসমূহ দোকানৰ পৰা বাকীত লৈ আনি যোগান ধৰি থাকিব লগা হৈছে। মন কৰিব লগীয়া যে যোৱা জুন মাহৰ ৩০ তাৰিখে বিদ্যালয়খনৰ অধ্যক্ষ শ্বাহিদা নাজমা বেগমে অৱসৰ লোৱাত বিদ্যালয়খনৰ ড্ৰয়িং এণ্ড ডিছবাৰ্শিং অ'ফিচাৰ (ডিডিঅ') পদটো খালী হৈ থকাত বিভিন্ন সমস্যাই দেখা দিছে বিদ্যালয়খনত।
আনপিনে বিদ্যালয়খনত গিৰিধাৰী আগৰৱালাই একাডেমীক চাৰ্জ লোৱাৰ বাবে বিত্তীয় লেনদেন কৰিবলৈ নোৱাৰা হৈছে। ফলত স্বাভাৱিকতে ঐতিহ্যমণ্ডিত ধুবুৰীৰ চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যায়লয়খনলৈ ঘোৰ দুৰ্যোগ নামি অহা পৰিলক্ষিত হৈছে। নিয়মমতে স্কুলসমূহৰ পৰিদৰ্শক নাইবা বিদ্যালয়খনৰ অধ্যক্ষই হে ড্ৰয়িং এণ্ড ডিছবাৰ্শিং অ'ফিচাৰ (ডিডিঅ') পদটোত অধিষ্ঠিত হ'ব পাৰে। কিন্তু শিক্ষা বিভাগৰ অৱহেলা আৰু অদূৰদৰ্শিতাৰ বাবেই আজি বিদ্যালয়খনৰ ছাত্ৰীসকলে দুপৰীয়াৰ মধ্যাহ্ন ভোজনৰ আহাৰৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে।
আনপিনে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলেও দৰমহাৰ পৰা বঞ্চিত হৈ থকাত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। বৰ্তমানে বিদ্যালয়খনত ৪০জন শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী আছে। লগতে ৬২৫ গৰাকী ছাত্ৰী বিদ্যালয়খনত আছে। দৈনিক দুপৰীয়াৰ মধ্যাহ্ন ভোজনৰ আহাৰৰ বাবে বিদ্যালয়খনে প্ৰায় ২০০০টকাৰ খাদ্য সামগ্ৰী দোকানৰ পৰা ক্ৰয় কৰি আছে।