ধুবুৰীৰ বিলাসীপাৰাত গুণমান সম্পন্ন মৎস্য বিপনী উদ্বোধন...

ধুবুৰীৰ বিলাসীপাৰাৰ চতুৰ্থ বামুণপাৰা গাঁৱত মঙ্গলবাৰে এখন মৎস্য কিয়ক্স মুকলি কৰা হয়।

author-image
Asomiya Pratidin
New Update
ধুবুৰীৰ বিলাসীপাৰাত গুণমান সম্পন্ন মৎস্য বিপনী উদ্বোধন...

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীৰ বিলাসীপাৰাৰ চতুৰ্থ বামুণপাৰা গাঁৱত মঙ্গলবাৰে এখন মৎস্য কিয়ক্স মুকলি কৰা হয়। ৰাইজে নিয়ন্ত্ৰিত মূল্যত গুণমান সম্পন্ন মাছ লাভ কৰাৰ লগতে মীন সম্পদৰ উন্নয়নৰ হকে এই মৎস্য কিয়ক্স মুকলি কৰা হয়। এই মৎস্য কিয়ক্স মুকলি কৰে অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান ড০ হৰিচৰণ দাসে।

Advertisment

তেওঁ এই মৎস্য কিয়ক্সে থলুৱা মাছৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল'ব বুলি আশা প্ৰকাশ কৰে। জিলা মীন বিষয়া ইব্ৰাহীম আলী খানে ১ এপ্ৰিলৰ পৰা পোন্ধৰ জুলাইলৈ গৰ্ভৱতী মাছ আইনমতে নিষিদ্ধ বুলি ৰাইজক অৱগত কৰি মাছ ধৰোঁতে সাৱধানতা অৱলম্বন কৰিবলৈ কয়। সভাত মহকুমা মীন বিষয়াকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি তথা ৰাইজে অংশগ্ৰহণ কৰে।

Also Read: আর্যভট্ট বিজ্ঞান কেন্দ্ৰৰ কলিয়াবৰ উন্নয়ন খণ্ডৰ বিজ্ঞান সমাৰোহ সমাপ্ত...

GOVT OF ASSAM