ধুবুৰী মেডিকেল কলেজ আৰু হাস্পতালৰ সন্মুখত পৰিল প্ৰশাসনৰ হাতুৰী...

ধুবুৰী মেডিকেল কলেজ আৰু হাস্পতালৰ সন্মুখত পৰিল প্ৰশাসনৰ হাতুৰী...

author-image
Asomiya Pratidin
New Update
ধুবুৰী মেডিকেল কলেজ আৰু হাস্পতালৰ সন্মুখত পৰিল প্ৰশাসনৰ হাতুৰী...

ডিজিটেল সংবাদ,ধুবুৰীঃ ধুবুৰী মেডিকেল কলেজ আৰু হাস্পতালৰ সন্মুখ ভাগত থকা পদপথত বুধবাৰে উচ্ছেদ অভিযান চলাই প্ৰশাসনে। পদপথ দখল কৰি একাংশ লোকে দোকান-পোহাৰ দিয়াৰ ফলত অঞ্চলটোত যান-জঁটে এক ভয়াৱহ ৰূপ লয়। আজি ধুবুৰী ৰাজহ চক্ৰ বিষয়া পাৰ্থ প্ৰতীম বৰ্মনে সেই অবৈধ দোকান-পোহাৰ সমূহ উচ্ছেদ কৰি ঠাই ডোখৰ মুকলি কৰি ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে।

উল্লেখযোগ্য যে, ধুবুৰী মেডিকেল কলেজ আৰু হাস্পতালৰ কাম-কাজ আৰম্ভ হোৱাৰ পিচৰে পৰাই একাংশ লোকে হাস্পতালৰ সন্মুখ ভাগত থকা পদপথ দখল কৰি ব্যৱসায় চলাই আহিছে।

ফলত মেডিকেল কলেজলৈ ৰোগী আৰু পথচাৰীৰ অহা-যোৱা কৰাৰ বাবে দীৰ্ঘদিন ধৰি সমস্যাৰ সন্মুখীন হৈ আছিল। তদুপৰি দোকান সমূহৰ বাবে উক্ত স্থানত যান-জঁটে ভয়াৱহ ৰূপ লৈছিল। এই পৰিপ্ৰেক্ষিতত ধুবুৰী জিলা প্ৰশাসনে ৰাইজৰ সুবিধাৰ্থে আজি ফুটপাথৰ দোকান সমূহ উচ্ছেদ কৰি ঠাইডোখৰ খালী কৰি দিয়ে।

Also Read: অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে চিলাপথাৰত ৰাইজৰ প্ৰতিবাদ

Dhubri eviction