৬৯ বছৰত ভৰি দিলে ধুবুৰীৰ পুলিচ ৰিজাৰ্ভৰ দুৰ্গা পূজাই...

৬৯ বছৰত ভৰি দিলে ধুবুৰীৰ পুলিচ ৰিজাৰ্ভৰ দুৰ্গা পূজাই...

author-image
Asomiya Pratidin
New Update
৬৯ বছৰত ভৰি দিলে ধুবুৰীৰ পুলিচ ৰিজাৰ্ভৰ দুৰ্গা পূজাই...

ডিজিটেল সংবাদ,ধুবুৰী: মহা সপ্তমী, শাৰদীয় দুৰ্গোৎসৱৰ আনন্দৰ সময়তে এইবেলি ধুবুৰীৰ পুলিচ ৰিজাৰ্ভৰ পূজা কমিটীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। ধুবুৰীৰ পুলিচ ৰিজাৰ্ভ পূজা কমিটীয়ে এইবাৰ ৬৯ বছৰত ভৰি দিলে। আইন শৃংখলাৰ দায়িত্বত নিয়োজিত হৈ থকা জিলা খনৰ আৰক্ষীৰ লোক সকলে ১৯৫৫ চনৰ পৰা পুলিচ ৰিজাৰ্ভত দুৰ্গোৎসৱ পালন কৰি আহিছে।

Advertisment

উল্লেখ্য যে, ধুবুৰীৰ পুলিচ ৰিজাৰ্ভ পূজা কমিটীৰ ঢাক নৃত্য বিশেষ আকৰ্ষণ বুলি ক'ব পাৰি। গৃহৰক্ষী বাহিনীৰ জোৱান সকলে এই ঢাক নৃত্য পৰিৱেশন কৰি আহিছে। ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ লোক সকলে ধুবুৰী পুলিচ ৰিজাৰ্ভত প্ৰতিবছৰে পূজা পালন কৰি আহিছে।

Also Read: বালাগাঁৱত উপ-স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক ভৱেশ কলিতাৰ

dhubri duga puja