মানস প্ৰতীম দাস সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতাত বি কে চেলেঞ্জাৰ নলবাৰী চেম্পিয়ন

মানস প্ৰতীম দাস সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতাত বি কে চেলেঞ্জাৰ নলবাৰী চেম্পিয়ন

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা ষষ্ঠ বাৰ্ষিক মানস প্ৰতীম দাস সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতাৰ মঙলবাৰে চূড়ান্ত খেলখন বি কে চেলেঞ্জাৰ নলবাৰী বনাম অ এম চি চি ওদালগুৰিৰ মাজত অনুষ্ঠিত হৈ যায়। খেলখনত নলবাৰীয়ে ওদালগুৰিক ৩৮ ৰাণত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে।

টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় অ এম চি চিয়ে। ফলত নলবাৰীয়ে নিৰ্দ্ধাৰিত ৩০ অভাৰত ৯ টাকৈ উইকেট হেৰুৱাই ২১১ ৰাণ সংগ্ৰহ কৰে। নলবাৰীৰ অমিত বড়োৱে সৰ্বাধিক ৫৫ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে অ এম চি চিৰ জিতুমণি কলিতাই ৪ টা আৰু বিকিৰণ দাসে ৩ টা উইকেট দখল কৰে।

প্ৰত্যুত্তৰত বেট ধৰি অ এম চি চিয়ে ২৭.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৭৩ ৰাণত ইনিংছ সামৰে। অ এম চি চিৰ বিশাল সাহাই ৬৮ ৰাণ কৰাৰ বিপৰীতে নলবাৰীৰ জিতু আলীয়ে ৪ টা আৰু নিপন ডেকাই ৩ টা উইকেট দখল কৰে। আজিৰ খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান আৰু শ্ৰেষ্ঠ ফিল্ডাৰৰ সন্মান লাভ কৰে নলবাৰীৰ জিতু আলীয়ে।

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে নলবাৰীৰ বিশাল ৰয়(কণিষ্ঠ)ই। শ্ৰেষ্ঠ বলাৰৰ সন্মান লাভ কৰে নলবাৰীৰ দিবন জ্যোতি বৰ্মণে। প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ বিজয়ী দলক ট্ৰফীসহ নগদ ৫০ হাজাৰ টকাৰ বিপৰীতে বিজিত দলক ট্ৰফীসহ নগদ ২০ হাজাৰ টকা প্ৰদান কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in