ধুবুৰীৰ ব্ৰহ্মপুত্ৰত অঘটন: গা ধুবলৈ গৈ সন্ধানহীন কিশোৰ

ধুবুৰীৰ ব্ৰহ্মপুত্ৰত অঘটন: গা ধুবলৈ গৈ সন্ধানহীন কিশোৰ

author-image
Asomiya Pratidin
New Update
ধুবুৰীৰ ব্ৰহ্মপুত্ৰত অঘটন: গা ধুবলৈ গৈ সন্ধানহীন কিশোৰ

ডিজিটেল সংবাদ,ধুবুৰীঃ মঙলবাৰে বিয়লি ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এটি কিশোৰ। বন্ধুৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে এ এম কো ৰোডৰ হাছেন আলি নামৰ ১৪ বছৰীয়া কিশোৰজন। নিৰ্মীয়মান ধুবুৰী-ফুলবাৰী দলঙৰ সমীপত আজি বিয়লি গা ধুবলৈ গৈছিল কিশোৰজন।

Advertisment

ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ হৈছে কিশোৰজনৰ মোবাইল ফোন,চাৰ্জাৰ,চেণ্ডেল আৰু কাপোৰ। সন্ধানহীন কিশোৰজনৰ বন্ধুৱে উদ্ধাৰৰ বাবে চেষ্টা চলাই যদিও ব্ৰহ্মপুত্ৰত ডুব যায় হাছেন আলী।বৰ্তমান ঘটনাস্থলীত এছডিআৰএফ বাহিনী উপস্থিত হৈ ব্ৰহ্মপুত্ৰত অভিযান চলাই আছে যদিও এতিয়া লৈকে হাছেনৰ কোনো শুংসূত্ৰ উলিয়াব পৰা হোৱা নাই।

Also Read: নখুটীত ধনৰ লেনদেনক লৈ এজনক চুৰীকাঘাট

dhubri