ধীৰাজ তালুকদাৰৰ আলট্ৰা মাৰাথন দৌৰৰ সামৰণি...

ড্ৰাগছ মুক্ত অসম গঢ়ি তোলাৰ লক্ষ্যৰে শদিয়াৰ পৰা ধুবুৰী লৈ বজালীৰ ধীৰাজ তালুকদাৰৰ আলট্ৰা মাৰাথন দৌৰ

author-image
Asomiya Pratidin
New Update
ধীৰাজ তালুকদাৰৰ আলট্ৰা মাৰাথন দৌৰৰ সামৰণি...

ডিজিটেল সংবাদ, ধুবুৰী: ড্ৰাগছ মুক্ত অসম গঢ়ি তোলাৰ লক্ষ্যৰে শদিয়াৰ পৰা ধুবুৰী লৈ আলট্ৰা মাৰাথন দৌৰৰ যোগেদি অসমত সজাগতা অনাৰ প্ৰয়াস চলোৱা ধীৰাজ তালুকদাৰৰ মাৰাথন দৌৰৰ শনিবাৰে ধুবুৰীত সফল সামৰণি পৰে। বজালীৰ বামখাটা গাঁওৰ কৰুণা কান্ত তালুকদাৰৰ পুত্ৰ ধীৰাজ তালুকদাৰে চলিত বৰ্ষৰ ২০জুলাইত শদিয়াৰ ড° ভূপেন হাজৰিকা সেতুৰ পৰা তেঁওৰ এই আলট্ৰা মাৰাথন দৌৰৰ যাত্ৰা আৰম্ভ কৰিছিল।

Advertisment

পৰৱৰ্তীত তিনিচুকীয়া, ডিব্ৰুগড়, বিশ্বনাথকে ধৰি অসমৰ কেইবাখনো জিলাত ড্ৰাগছ মুক্ত অসমৰ বাৰ্তা প্ৰেৰণ কৰি আজি ধুবুৰী চহৰত আহি তেঁওৰ যাত্ৰাৰ সফল সামৰণি পেলায়। প্ৰাক্তন নাৱিক ধীৰাজ তালুকদাৰে আজি ধুবুৰীত উপস্থিত হৈ সমাজত ড্ৰাগছৰ প্ৰচলন একেবাৰে বন্ধ কৰি এখন সুস্থ আৰু সোণৰ অসম গঢ়ি তুলি তোলাৰ বাবে প্ৰত্যেককে আহ্বান জনায়। পূৰ্বে এগৰাকী নাৱিক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰি তালুকদাৰে মুম্বাই, ইৰাণত কাম কৰি পিচত তেঁও তাৰ পৰা অৱসৰ লৈছিল বুলি জানিব পৰা গৈছে।

Also Read: ৰহাৰ আমচৈত গাখীৰ সংগ্ৰহ কেন্দ্ৰ উদ্বোধন...

dhubri ultra marathan