বিলাসীপাৰা ৰাস মহোৎসৱত ভক্তৰ ভিৰ

বিলাসীপাৰা ৰাস মহোৎসৱত ভক্তৰ ভিৰ

ডিজিটেল সংবাদ,ধুবুৰী : লোকে লোকাৰণ্য হৈ পৰিছে ৬৫ সংখ্যক ধুবুৰীৰ বিলাসীপাৰা ৰাস মহোৎসৱ। যোৱা ২৬ নৱেম্বৰৰ পৰা বিলাসীপাৰা ৰাস মহোৎসৱ ক্ষেত্ৰত ১৬ দিনীয়া কাৰ্যসুচীৰে চলি আছে এই ৰাসমহোৎসৱ।

উদ্বোধনীৰ দিনাৰে পৰা ৰাস মহোৎসৱথলীত অগণন লোকৰ সমাগম ঘটি আছে। ৰসচক্ৰকে ধৰি মূল তোৰণৰ সৌন্দৰ্যই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।সুশীল দাসৰ তত্বাবধানত নিৰ্মাণ কৰা মূল মণ্ডপো আকৰ্ষণীয় ৰূপত জিলিকি উঠিছে।ৰাসস্থলীত অষ্টসখীকে ধৰি শ্ৰীকৃষ্ণৰ লীলাৰ লগতে আন আন বিভিন্ন বিষয়ৰ ২৫শটাকৈ মৃন্ময় মূৰ্তি প্ৰৰ্দশনী ষ্টল দিয়া হৈছে।

এই ষ্টলসমূহৰ ভিতৰত শ্ৰীকৃষ্ণৰ জন্ম,মৎস্য অৱতাৰ,কুৰ্ম অৱতাৰ, পুতনা বধ,কংস বধ,গকুলে গমন,কালীয়া দমন,চক্ৰাসুৰ বধ,বকাসুৰ বধ আদি মৃন্ময় মূৰ্তিকে ধৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গ্ৰন্থ বিনণন আৰু হস্ত শিল্পী বিক্ৰী কেন্দ্ৰ আদি ষ্টলে ৰাইজৰ মন জয় কৰাৰ লগতে আকৰ্ষণৰ কেন্দ্ৰবিন্দুু হৈ পৰিছে।

ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ৰাস মহোৎসৱত যোৰহাট স্বৰ্ণগিৰী শিল্পী সমাজৰ দ্বাৰা ভাওনা প্ৰদৰ্শন আৰু বিৰাট মেলাৰো আয়োজন কৰা হৈছে। এই আনন্দমেলাতো দেখা গৈছে অগণন লোকৰ ভিৰ। ইয়াতে প্ৰায় তিনিদশকলৈকে হেৰুৱাই যোৱা পুতুল নাচ প্ৰদৰ্শনী,চাৰ্কাছ,মৌত কা কুঁৱা, কৈই ধৰণৰ সৰু-ডাঙৰ নাগৰদোলা,মীনা বজাৰ,যাদু প্ৰদৰ্শনকে ধৰি বিভিন্ন খাদ্য আৰু মিঠাইৰ দোকান,বিপণীয়ে ৰাইজক আকৰ্ষণ কৰিছে।

ৰাস মহোৎসৱৰ কাৰ্যসূচীত যাতে কোনো বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে বিলাসীপাৰা থানাৰ ভাৰ প্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যবস্থা গঢ়ি তুলিছে। এই বেলি বিলাসীপাৰাবাসী ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে।

আনহাতে আন বছৰৰ নিচিনা মেলাখনত পৰিলক্ষিত চাৰিখনকৈ চলি থকা ৰকি খেল চহৰখনৰ বুদ্ধিজীৱী তথা সামাজিক সংগঠনে তীব্ৰ গৰিহণা দি কয় যে, এনেধৰণৰ জুৱা খেল বিলাসীপাাৰাৰ ঐতিহ্যমণ্ডিত ৰাসমহোৎসৱখনৰ ধৰ্মীয় আৰু গৌৰৱ বিনষ্ট কৰাৰ উপৰি বৰ্তমান সুন্দৰ,প্ৰগতিশীল আৰু আাধুনিক সমাজখনত বেয়া উদাহৰণ দাঙি ধৰিছে।

উল্লেখ্য যে, যোৱা প্ৰায় দশক ধৰি ৰাসমহোৎসৱ উৎসৰ পৰা অহা আয়ৰ ধন সামাজিক আৰু উন্নয়নমমুলক কাম-কাজ ব্যয় কৰাৰ বিপৰীতে মূল কমিটিখনে আজিকোপতি আয়-ব্যয়ৰ হিচাপ ৰাজহুৱাকৈ তথ্য দাঙি ধৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। এই বেলি বিলাসীপাৰা ৰাস উৎযাপন সমিতিয়ে মেলা স্থলীত সকল বিপণীসমূহৰ পৰা নিলাম প্ৰক্ৰিয়া যোগে অধিক মূল্য গ্ৰহণ কৰাৰ বাবে বিপণীসমূহে গ্ৰাহকৰ পৰা অত্যাধিক দামলৈ ধন ঘটি থকা পৰিলক্ষিত হৈছে।

বিলাসীপাৰা ৰাস মহোৎসৱত ভক্তৰ ভিৰ
শিলচৰত আজিৰে পৰা অনুষ্ঠিত হৈছে গ্ৰন্থমেলা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in