ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

ডিজিটেল ডেস্কঃ ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হৈছে এগৰাকী ছাত্ৰৰ মৃতদেহ। সোমবাৰৰ পৰা সন্ধানহীন হৈ আছিল ছাত্ৰজন। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী আছিল ছাত্ৰজন। ছাত্ৰজন ধুবুৰী চহৰৰ ছয় নম্বৰ ৱাৰ্ডৰ লোন অফিচ লেনৰ বাসিন্দা তথা শিক্ষক অৰ্ণৱ ৰায়ৰ পুত্ৰ অংকুশ ৰায় ওৰফে কৃশ।

ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ আছিল অংকুশ ৰায়। মেধা সম্পন্ন ছাত্ৰ অংকুশ ৰায়ৰ সৰুৰে পৰা সাঁতোৰ শিকাৰ ইচ্ছা আছিল। সাঁতোৰ শিকাৰ বাবেই সোমবাৰে পুৱাৰ ভাগত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ ঘাটলৈ গৈছিল। সাঁতোৰ শিকিবলৈ চেষ্টা কৰাৰ সময়তে মেধাবী ছাত্ৰ অংকুশ ৰায় হঠাৎ ব্ৰহ্মপুত্ৰত ডুব যায় বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। সোমবাৰৰ পৰা উদ্ধাৰ অভিযান চলি থকা অংকুশক সঙ্গলবাৰে উদ্ধাৰ হয় মৃতদেহ। মৃতদেহ উদ্ধাৰৰ পিছতেই অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ।

ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ
তামুলী কৃষি পামৰ শিৱ মন্দিৰত শ্ৰী শ্ৰীমহা শিৱৰাত্ৰি পূজা মহোৎসৱ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in