ডিজিটেল ডেস্কঃ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ যমদুৱাৰৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত উদ্ধাৰ হৈছে এটি মৃতদেহ। পথৰ ওপৰত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো। মৃতদেহটো ছুৱাপাতা ১ম খণ্ড গাঁৱৰ আব্বাছ আলীৰ বুলি চিনাক্ত কৰা হৈছে।
সোমবাৰে নিশা দুৰ্বৃত্তই হত্যা কৰি মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।ইতিমধ্যে ঘটনাস্থলীত কোকৰাঝাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে। জানিব পৰামতে, হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত কোকৰাঝাৰ আৰক্ষীয়ে দুজন লোকক আটক কৰিছে।