১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত মহিলা

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত মহিলা

author-image
Asomiya Pratidin
New Update
কাকপথাৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ধ্রুৱজ্যোতি ডেকাৰ

ROAD ACCIDENT

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ খনামুখ বালিগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে সন্ধিয়াভাগত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷

Advertisment

এই পথ দূৰ্ঘটনাত চুজা মুণ্ডা নামৰ এগৰাকী ২৫ বছৰীয়া মহিলা থিতাতে মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ তেজপুৰ অভিমুখী এখন তীব্ৰবেগী অচিনাক্ত গাড়ীয়ে চুজা মুণ্ডাক(২৩) খুন্দিয়াই তীব্ৰবেগত পলায়ন কৰে ৷

মৃত চুজা মুণ্ডাৰ ঘৰ খনামুখৰ গোৰ্খা চকৰ ব্যৱসায় কেন্দ্ৰত বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত চাৰিদুৱাৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

Also Read: নগাঁৱৰ পৰা চাইকেলেৰে যাত্ৰা কৰি দেশৰ দ্বাদশ জ্যোতিলিঙ্গ দৰ্শন বিবেক সাহানীৰ

road accident