পশ্চিমবংগৰ জলপাইগুৰিত কীৰ্তন ঘৰ স্থাপন...

পশ্চিমবংগৰ জলপাইগুৰিত কীৰ্তন ঘৰ স্থাপন...

ডিজিটেল সংবাদ, ধুবুৰীঃ যি সময়ত অসমৰ সত্ৰ-নামঘৰসমূহ প্ৰত্যাহ্বানৰ সম্মুখীন হ'বলগীয়া হৈছে, সেই সময়তে অসমৰ দাঁতিকাষৰীয়া ৰাজ্য পশ্চিমবংগৰ বাংলা ভাষী লোকসকলৰ মাজত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱ গুৰুজনাই প্ৰচাৰ কৰা এক শৰণ নাম ধৰ্মই ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হৈছে । আনকি সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰৰ লগতে বৰগীত, সত্ৰীয়া নৃত্য আদি অতি আগ্ৰহেৰে গ্ৰহণ কৰিবলৈ বঙালী সম্প্ৰদায়ৰ লোকসকলে দেখুওৱা আগ্ৰহে গুৰুজনাৰ আদৰ্শ ৰাজি বিশ্বজনীন কৰা বাট সূচল হৈ উঠিছে।

পশ্চিমবংগৰ এনে লোকৰ প্ৰচেষ্টাত জলপাইগুৰি জিলাৰ জলপেশ অঞ্চলত পূৰ্ব-শালবাৰীৰ গুৰু শংকৰ-মাধৱদেৱ সত্ৰৰ মূল কীৰ্তন ঘৰৰ নিৰ্মাণ কাৰ্য যোৱা ২১ জুনত আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হয়। মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনাইছে যে, মধুপুৰ সত্ৰৰ লগত সংযুক্ত হৈ থকা গুৰু শংকৰ-মাধৱদেৱ সত্ৰ স্থাপনৰ ক্ষেত্ৰত মধুপুৰ সত্ৰ সমিতিৰ সভাপতি তথা সত্ৰশাল, ৰামৰায়কুঠি সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্র নাথ প্ৰধানীৰ পৃষ্ঠপোষকতাত এই সত্ৰখন স্থাপন কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে ।

পশ্চিমবংগৰ বিভিন্ন অঞ্চলত বসবাস কৰি থকা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ এক শৰণ নাম ধৰ্মত দীক্ষিত লোকসকলৰ মাজত গুৰুজনাৰ আদৰ্শক প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ কাৰণে মধুপুৰ সত্ৰ সমিতিয়ে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে । এই আঁচনিৰ অংশ হিচাপে জলপাইগুৰি জিলাৰ জলপেশত এই কীৰ্তনখন নিৰ্মাণৰ কাম হাতত লোৱা হৈছে ।

উল্লেখযোগ্য যে, জলপাইগুৰিৰ বিশিষ্ট ধৰ্মপ্ৰাণ মহিলা স্বৰ্ণবালা ৰয়ে এই কীৰ্ত্তনখন নিৰ্মাণৰ বাবে চাহ বাগিছাৰ সৈতে এক বিঘা ভূমি দান কৰিছে । এই গৰাকী বিদোষী মহিলাই যোৱা ২৫ বছৰ ধৰি পশ্চিমবংগৰ বিভিন্ন অঞ্চলত গুৰুজনাৰ আদৰ্শ আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কামত ব্ৰতী হৈ আছে । নিৰ্মাণ কাৰ্য সম্পূৰ্ণ অনুষ্ঠানত ধুবুৰী আৰু উত্তৰবংগৰ বিভিন্ন সত্ৰৰ ভকত-বৈষ্ণৱ উপস্থিত থাকে ।

পশ্চিমবংগৰ জলপাইগুৰিত কীৰ্তন ঘৰ স্থাপন...
চিৰাঙৰ পথৰ ওপৰত যান-বাহনৰ সলনি চলিছে ভূঁৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in