নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা বিবাহযাত্ৰী বাহনৰ, থিতাতে প্ৰাণ গ'ল মহিলাৰ...

চাপৰৰ নাথপাৰাৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে নিশাৰ ভাগত বিবাহ যাত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত হয়।

author-image
Asomiya Pratidin
New Update
নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা বিবাহযাত্ৰী বাহনৰ, থিতাতে প্ৰাণ গ'ল মহিলাৰ...

ডিজিটেল ডেস্কঃ চাপৰৰ নাথপাৰাৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে নিশাৰ ভাগত বিবাহ যাত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত হয়।

Advertisment

জানিব পৰা মতে নিয়ন্ত্রণ হেৰুৱাই গছত খুন্দা মাৰে বৰযাত্রী বাহনখনে। যাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। এই দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা। নিহত মহিলা গৰাকীৰ নাম নাফিছা চুলতানা।

আনহাতে গুৰুতৰভাৱে আহত কন্যাকে ধৰি আন দুজন লোক। সংকটজনক অৱস্থাত আহতসকলক বঙাইগাঁৱলৈ প্রেৰণ কৰা হৈছে।

গুৱাহাটীৰ পৰা বিয়া কৰাই ধুবুৰীলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Also Read: আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা, সাজু ৪,২২,১৭৪ গৰাকী পৰীক্ষাৰ্থী

road accident