আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা, সাজু ৪,২২,১৭৪ গৰাকী পৰীক্ষাৰ্থী

আজি শুকুৰবাৰৰ পৰা আৰম্ভ আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ ৯১২ টা পৰীক্ষা কেন্দ্ৰত ৪,২২,১৭৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব পৰীক্ষাত।

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা, সাজু ৪,২২,১৭৪ গৰাকী পৰীক্ষাৰ্থী

ডিজিটেল ডেস্ক: আজি শুকুৰবাৰৰ পৰা আৰম্ভ আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ ৯১২ টা পৰীক্ষা কেন্দ্ৰত ৪,২২,১৭৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব পৰীক্ষাত। ইয়াৰে ১,৯৪,০৫৪ গৰাকী ছাত্ৰ আৰু ২,২৮,১২০ গৰাকী ছাত্ৰী।

Advertisment

বৰপেটা জিলাত সৰ্বাধিত ২৭,৬৪৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে মাজুলীত সৰ্বনিম্ন ৩,০৩৭ গৰাকী অৱতীৰ্ণ হ'ব মেট্ৰিকত। এইবাৰ পৰীক্ষা নতুন শিক্ষা নীতিৰ আধাৰত অনুষ্ঠিত হ'ব।

মুখ্য বিষয় চাৰিটা- গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান দুটা খণ্ডৰ প্ৰশ্ন কাকতেৰে অনুষ্ঠিত হ'ব পৰীক্ষা।প্ৰথন ৪৫ মিনিট ৮ পৃষ্ঠাৰ সংক্ষিপ্ত প্ৰশ্ন কাকত আৰু দ্বিতীয় খণ্ডত ১৬ পৃষ্ঠাৰ বৰ্ণানাত্মক প্ৰশ্নকাকত থাকিব।

অন্যহাতে এইবাৰ হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত নহয়। বিগত বৰ্ষত ৰাজ্যৰ হাইমাদ্ৰাছা সমূহ হাইস্কুলৰ সৈতে সংলগ্ন কৰাৰ পাছত এইবাৰ হাইমাদ্ৰাছা অনুষ্ঠিত নকৰে ছেবাই।আজিৰ পৰা আৰম্ভ হোৱা পৰীক্ষা ২০ মাৰ্চত অন্ত পৰিব।

Also Read: প্ৰথম আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ সফল সামৰণি

hslc