/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/33e2a0f6-b0c3-49fd-93ad-2ece7b9e2b12/2.jpg)
ডিজিটেল সংবাদ, ধুবুৰী: বড়ো ভাষাৰ প্ৰথম তিনিমহীয়া আলোচনী "বিবাৰ" ৰ ১০০ বছৰ পূৰ্ণ হোৱা উপলক্ষে শনিবাৰে ধুবুৰী বড়ো এছ'ছিয়েচনৰ উদ্যোগত আৰু দিবুৰি হাৰিমু আফাট নামৰ এটি সাংস্কৃতিক সংগঠনৰ সহযোগত ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এখন গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰা হয়। এই সভাখনত মুখ্য অতিথি হিচাপে কোকৰাঝাৰৰ পদ্মশ্ৰী বঁটা প্ৰাপক ড° মংগল সিং হাজোৱাৰী উপস্থিত থাকে।
সভাত এখন স্মৰণিকা উন্মোচন কৰা হয়। স্মৰণিকাখন উন্মোচন কৰে টিপকাইৰ সাহিত্য একাডেমী বঁটা প্ৰাপক জনিল কুমাৰ ব্ৰহ্মই। উক্ত অনুষ্ঠানত উপস্থিত থাকে গৌৰীপুৰৰ বিশিষ্ট লেখিকা অঞ্জলী ব্ৰহ্ম, ধুবুৰী জিলাৰ অতিৰিক্ত আয়ুক্ত জগদীশ ব্ৰহ্ম, ধুবুৰী বড়ো এছ'চিয়েচনৰ সম্পাদক ড° সুবুংচা মুছাহাৰী কে ধৰি বড়ো সমাজৰ ভালে সংখ্যক গ্যাণী-গুণী লোক উপস্থিত থাকে।
সভাত বড়ো ভাষাৰ উন্নয়ন আৰু বিকাশৰ ওপৰত বিভিন্ন জনে বক্তব্য ৰাখে। উল্লেখযোগ্য যে, ১৯২৪ চনৰ এপ্ৰিল মাহত সতীশ চন্দ্ৰ বসুমতাৰীৰ সম্পাদনা ত বড়ো ভাষাৰ প্ৰথম তিনিমহীয়া আলোচনী "বিবাৰ"ৰ ধুবুৰী চহৰৰ পৰাই প্ৰকাশ হৈছিল।
Also Read: ঢকুৱাখনাত ভয়াৱহ পথ দুৰ্ঘটনা! তীব্ৰবেগী স্কুটীৰ খুন্দাত নিহত পথচাৰী...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us