ঢকুৱাখনাত ভয়াৱহ পথ দুৰ্ঘটনা! তীব্ৰবেগী স্কুটীৰ খুন্দাত নিহত পথচাৰী...

ঢকুৱাখনাত ভয়াৱহ পথ দুৰ্ঘটনা! তীব্ৰবেগী স্কুটীৰ খুন্দাত নিহত পথচাৰী...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত ভয়াৱহ পথ দুৰ্ঘটনা! তীব্ৰবেগী স্কুটীৰ খুন্দাত নিহত পথচাৰী...

ডিজিটেল সংবাদ, ঢকুৱাখনা: নাবালক যুৱকৰ স্কুটীৰ প্ৰচণ্ড খুন্দাত শনিবাৰে এগৰাকী নিৰীহ পথচাৰীৰ ঘটনাস্থলীতে মৰ্মান্তিক অপমৃত্যু ঘটে। ঘটনাৰ বিবৰণী অনুসৰি ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত খজুৱা-মাজুলী লোকনিৰ্মাণ পথৰে এ এছ ০৭ আৰ ৭৬১২ নম্বৰৰ এখন স্কুটী লৈ আহি আছিল লাটিবৰচুক গাঁৱৰ বিদ্যুত দলে(১৭) ।

Advertisment

এনেতে ঢোলপেটা কেকুৰীত অংশত তীব্ৰ বেগত অহা স্কুটীখনে সোনাৰী চাপৰি অভিমুখে আহি ঢোলপেটা গাঁৱৰ হীৰেণ বুঢ়াগোহাঁই(৫৬) নামৰ ব্যক্তিজনক খুন্দা মৰাৰ পৰিণতিত ব্যক্তিজন ঘটনাস্থলীতে অকাল মৃত্যুক সাৱটি লয়। আত্মীয়ই মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে।

আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা স্কুটীখন জব্দ কৰি মৃতকৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে কেকুৰীৰ লাটিবৰচুক গাঁৱৰ বিদ্যুত দলে নামৰ কিশোৰজন সোনাৰী চাপৰিৰ 'গুডউইল একাডেমী'ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ। নিৰীহ ব্যক্তিজনৰ অকাল বিয়োগত সমগ্ৰ সোনাৰী চাপৰি অঞ্চলত শোকৰ ছাঁ পৰিছে ।

Also Read: মঙলদৈত RSS ৰ বৰ্গ কেম্পত ১৭ বছৰীয়া কিশোৰৰ মৃত্যুঃ বিদ্যালয়ৰ চৌহদতে মৃতদেহ সৎকাৰৰ প্ৰস্তুতি...

dhakuakhana