উই ৱাণ্ট জাষ্টিছ শীৰ্ষক বাটৰ নাট মঞ্চস্থৰে সজাগতাৰ আহ্বান

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতাল কাণ্ড আৰু ধিঙৰ ঘটনাক তীব্ৰ গৰিহণা

author-image
Asomiya Pratidin
New Update
উই ৱাণ্ট জাষ্টিছ শীৰ্ষক বাটৰ নাট মঞ্চস্থৰে সজাগতাৰ আহ্বান

ডিজিটেল সংবাদ,ধুবুৰী : কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতাল কাণ্ড আৰু নগাঁও জিলাৰ ধিঙৰ ঘটনাক তীব্ৰ গৰিহণা জনাই মঙলবাৰে নিশা ধুবুৰীৰ সংস্কৃতিপ্ৰেমী ৰাইজ ৰাজপথত ওলাই আহে। ধুবুৰীৰ স্বামী বিবেকানন্দ মেম'ৰিয়েল কমিটীৰ উদ্যোগত ধুবুৰীৰ অন্যতম সামাজিক, সাংস্কৃতিক সংগঠন"সবুজেৰ আসৰ"ৰ একাংশ প্ৰবীণ অভিনেতা-অভিনেত্ৰী, যুৱ অভিনেতা-অভিনেত্ৰীৰ এটি দলে "উই ৱাণ্ট জাষ্টিছ" শীৰ্ষক এখন বাটৰ নাট মঞ্চস্থ কৰে।

Advertisment

ইয়াৰ জৰিয়তে ৰাইজক অন্যায় আৰু নিৰ্যাতনৰ প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়। আজি নিশা প্ৰায় ৮ বজাত ধুবুৰীৰ তেতুলতলা এলেকাত আয়োজন কৰা এই বাটৰ নাট উপভোগ কৰিবলৈ চহৰখনৰ ভালে সংখ্যক ৰাইজ উপস্থিত থাকে।

বাটৰ নাটখনত ধুবুৰীৰ বিশিষ্ট নাট্য অভিনেতা নিৰ্মলেন্দু সেন গুপ্ত, বিশিষ্ট নাট্য অভিনেতা জে বি মজুমদাৰ, কালিপদ সাহাকে ধৰি কেইবাগৰাকী অভিনেতা-অভিনেত্ৰীয়ে সমাজত শান্তি আৰু সম্প্ৰীতি প্ৰতিষ্ঠাৰ লক্ষ্যৰে ৰাইজলৈ এক বাৰ্তাও প্ৰেৰণ কৰে।

Also Read: ঢকুৱাখনাৰ কৃষ্ণা মেডিকেলত কিশোৰক অত্যাচাৰ...

We Want Justice street play