/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2018/08/breaking-Plate.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : এযোৰ চেণ্ডেল পিন্ধি এখন ফাৰ্মাচীৰ ভিতৰলৈ সোমাই যোৱাৰ অপৰাধত এটি ৰোগাক্ৰান্ত কিশোৰক নিৰ্মমভাৱে শাৰীৰিক নিৰ্যাতন চলোৱাৰ দৰে অমানৱীয় ঘটনা সংঘটিত হৈছে ঢকুৱাখনাত । ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত ৰাজহুৱা খেলপথাৰৰ সমীপত অৱস্থিত কৃষ্ণা মেডিকেল নামৰ ফাৰ্মাচীখনত মঙলবাৰে বিয়লি ঢকুৱাখনা ১নং হিলৈদাৰী গাঁওৰ এটি কিশোৰৰ প্ৰৱেশ ঘটে ।
পথ দুৰ্ঘটনাত পতিত হৈ কোনোমতে প্ৰাণ বাচি অহা কিশোৰটোৱে চিকিৎসাজনিত কাৰণত বিশেষভাৱে সক্ষম হৈ জীৱন নিৰ্বাহ কৰিছিল। মঙলবাৰে বিয়লি কিবা কাৰণত ফাৰ্মাচীখনত চেণ্ডেল পিন্ধি প্ৰৱেশ কৰাৰ বাবে ফাৰ্মাচী কৰ্তৃপক্ষই গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে বুলি অভিযোগ উঠিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-27/78531322/f58bf14a-f974-4474-8048-264939132e6f.jpg)
ফাৰ্মাচী কৰ্তৃপক্ষই কিশোৰটোক স্বত্বাধিকাৰ দুই ভাতৃয়ে দলৱদ্ধভাৱে কৰা শাৰীৰিক নিৰ্যাতনৰ ফলত আহত হয় আৰু দুয়োখন হাতৰ পৰা প্ৰচুৰ পৰিমাণে ৰক্তক্ষৰণ হয় ।ঘটনাৰ প্ৰত্যক্ষদৰ্শী ৰাইজে কিশোৰটোক চিনি পাই আত্মীয়ক অৱগত কৰে।
পাছত আত্মীয় উপস্থিত হৈ কিশোৰটোক ফাৰ্মাচী কৰ্তৃপক্ষৰ কবলৰ পৰা উদ্ধাৰ কৰি আনে । এটি ৰোগাক্ৰান্ত তথা বিশেষভাৱে সক্ষম কিশোৰৰ ওপৰত ফাৰ্মাচী কৰ্তৃপক্ষই চলোৱা এই অমানৱীয় প্ৰাণনাশী আক্ৰমণৰ সন্দৰ্ভত কিশোৰটোৰ অভিভাৱকে ঢকুৱাখনা সদৰ থানাত এক গোচৰ দাখিল কৰিছে ।
অভিযোগ অনুসৰি স্বত্বাধিকাৰ ৰাজু চাহু আৰু ভাতৃৰ ওপৰত গোচৰ ৰুজু কৰিছে ।আৰক্ষীয়ে কিশোৰটিৰ প্ৰাথমিক চিকিৎসা প্ৰদান কৰি যাবতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে।
Also Read: ধেমাজিত শৱদেহ যাত্ৰা কাৰ্য্যসূচী জিলা ছাত্ৰ
সন্থাৰ
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us