/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/5822c224-66e9-42ba-bc1b-2b4bce5e7f45/Bycycle.jpg)
ডিজিটেল সংবাদ, বিলাসীপাৰা : সমগ্ৰ বিশ্বৰ লগতে আজি বিলাসীপাৰাতো বিশ্ব চাইকেল দিৱস পালন কৰা হয়। অৰণ্য সুৰক্ষা সমিতি অসম আৰু বিলাসীপাৰা মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ যুটীয়া উদ্যোগত উদমাৰী উচ্চ মাধ্যমিক, মাধ্যমিক আৰু প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই চাইকেল দিৱসত ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু প্ৰকৃতি প্ৰেমীসকলে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/665901a9-f3a6-4941-bb71-4b3ea09c625d/WhatsApp_Image_2023_06_03_at_2_34_28_PM.jpeg)
চাইকেল দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি বিলাসী পাৰা মহাবিদ্যালয়ৰ এন এছ গোটৰ কাৰ্যক্ৰম বিষয়া ড০ হৰিচৰণ দাসে কয় যে, বায়ু প্ৰদূষণ আৰু গোলকীয় উষ্ণতা প্ৰশমণৰ বাবে ৰাষ্ট্ৰসংঘই বিশ্বসমাজক প্ৰদূষণ মুক্ত বাহন চাইকেল ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই ২০১৮ চনত বিশ্ব চাইকেল দিৱস ঘোষণা কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/07de64af-cbac-4088-9348-e59cdb279c8e/WhatsApp_Image_2023_06_03_at_2_34_27_PM.jpeg)
চাইকেল দিৱস উপলক্ষে আয়োজন কৰা সচেতনতা সভাত উদমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুভাষ দাস, উদমাৰী মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জগদীশ চন্দ্ৰ নাথ, উদমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বাবুল পাটগিৰি, পৰিৱেশ সংগঠন ছেবাপেৰ কাৰ্যকৰ্তা সৰিয়ত আলী, শিক্ষক উত্তম কুমাৰ নাথ, মিলি ৰাভা, ৰীমা দাস, আমিনুৰ ইছলাম, মোস্তাফিজুৰ ৰহমান প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে। উল্লখ্য যে, চাইকেল দিৱস উপলক্ষে এক চাইকেল শোভাযাত্ৰাও উলিওৱা হয়।
Also Read: গৰম! কামৰূপ মেট্ৰ'ত সলনি হৈছে বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী...