টিপকাই নদীত উলটিল ১৫০জন লোক কঢ়িয়াই অনা নাও

টিপকাই নদীত উলটিল ১৫০জন লোক কঢ়িয়াই অনা নাও

author-image
Asomiya Pratidin
New Update
টিপকাই নদীত উলটিল ১৫০জন লোক কঢ়িয়াই অনা নাও

ডিজিটেল সংবাদ, গৌৰীপুৰঃ ধুবুৰীৰ গৌৰীপুৰৰ বাঘমাৰাৰা টিপকাই নৈত ভয়ংকৰ নাও দূৰ্ঘটনা সংঘটিত হৈছে। বুধবাৰে নাও খেল চলি থকাৰ মাজতেই নাও উলটি গৈ পানীত পৰে নাৱত থকা খেলুৱৈসকল।

উল্লেখ্য যে, বিগত কেইদিনমানৰ পৰা বাঘমাৰা টিপকাই নৈত চলিছিল নাওঁখেল প্ৰতিযোগিতা। প্ৰশাসনৰ অনুমতি লৈয়ে চলোৱা হৈছিল এই প্ৰতিযোগিতা। জানিব পৰা মতে, উলটি যোৱা নাওখনত আছিল মুঠ ১৫০জন নাৱৰীয়া। নাওখন উলটি যোৱাৰ পিছত আত্মৰক্ষাৰ বাবে সাঁতুৰি নদীৰ পাৰলৈ উঠি অহাৰ চেষ্টা কৰে নাৱৰীয়াসকলে। এই ঘটনাত এই পৰ্যন্ত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

Also Read: আৰক্ষীৰ জালত কিশোৰী অপহৰণকাৰী চক্ৰ

dhubri