/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f6fdf3d5-1cff-45dd-8522-fd5040dba19a/3.jpg)
ডিজিটেল সংবাদ,ধুবুৰী: ধুবুৰী জিলাৰ গৌৰীপুৰত দেওবাৰে নিশা প্ৰায় ৯ বজাত এক নাও দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, সান্জুৱাৰ কুটি গাঁৱৰ এহাল পিতা-পুত্ৰই গৌৰীপুৰৰ পৰা গৃহ অভিমুখে যাবলৈ গদাধৰ নদী পাৰ হবলৈ টুলুঙা নাৱেৰে যাত্ৰা আৰম্ভ কৰে।
নাৱেৰে আহি থকা অৱস্থাত হঠাৎ মাজ নদীত ৰহস্যজনক ভাৱে নাওখন নৈত ডুব যায়।নিখোজ হৈ পৰে পিতৃ উল্লাহ বক্ম আৰু পুত্ৰ শ্বাবিনুৰ ৰহমান। লগে লগে স্থানীয় ৰাইজে নিশাৰ ভাগতে পিতা পুত্ৰৰ সন্ধান বিচাৰি অভিযান চলায় যদিও ব্যৰ্থ হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষীৰ লগতে এছডিআৰএফ বাহিনী দল উপস্থিত হয়।
এছডিআৰএফ বাহিনীয়ে ৰাতিটো অভিযান চলাই আজি পুৱাই পিতৃ উল্লাহ বক্মৰ মৃতদেহ উদ্ধাৰ কৰে। যদিও পুত্ৰ শ্বাবিনুৰ ৰহমানৰ এই পৰ্যন্ত কোনো সন্ধান উলিয়াব পৰা নাই। ইপিনে উল্লাহ বক্মৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। বৰ্তমানে শ্বাবিনুৰ ৰহমানক বিচাৰি এছ ডি আৰ এফ বাহিনীয়ে গদাধৰ নৈত অভিযান অব্যাহত ৰাখিছে।
Also Read: আগষ্টত সম্প্ৰসাৰণ হব মন্ত্ৰীসভাঃ সলনি হব পাৰে ৰাজ্যিক বিজেপিৰ সভাপতি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us