বিলাসীপাৰা শঙ্কৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

বিলাসীপাৰা শঙ্কৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ডিজিটেল সংবাদ, বিলাসীপাৰাঃ বিলাসীপাৰা শঙ্কৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে । লগতে বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংচন আৰু ষ্টাৰ নম্বৰসহ উত্তীৰ্ণ হৈছে । কৃতী ছাত্ৰ-ছাত্ৰীসকলক লোশুকুৰবাৰে বিদ্যালয় কৰ্তৃপক্ষই সম্বৰ্ধনা জনায়।

এই সম্বৰ্ধনা অনুষ্ঠানত বিলাসীপাৰা খণ্ড শিক্ষা বিষয়া ৰতন সূত্ৰধাৰ, ৰত্নপীঠ কলেজৰ প্ৰাক্তন অধ্যাপক সুধীৰ ৰায়, সমাজকৰ্মী ফাগুনা ৰাম নাথ, বিলাসী পাৰা শঙ্কৰদেৱ শিশু আৰু বিদ্যানিকেতনৰ প্ৰধান আচাৰ্য শিৱাজী কৰ্মকাৰ, উচ্চতৰ মাধ্যমিক বিদ্যালযৰ অধ্যক্ষ বিশ্বজিৎ গোস্বামী, নিকেতন খনৰ পৰিচালনা সমিতিৰ সভাপতি ড০ হৰিচৰণ দাস, সম্পাদক ডা০ বিকাশ চৰকাৰ সহ সম্পাদক বাসুদেৱ কৰ্মকাৰ,স্বপন দাস প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল।

সম্বৰ্ধনা ৰূপে শিক্ষাৰ্থীসকলক গামোচা, শৰাই আৰু মানপত্ৰ প্ৰদান কৰা হয়। আনহাতে পৰিচালনা সমিতিৰ তৰফৰ পৰা বিদ্যালয়খনৰ আচাৰ্য-আচাৰ্যাসকলক সম্বৰ্ধনা জনোৱা হয় আৰু বস্ত্ৰ দান কৰা হয়।

বিলাসীপাৰা শঙ্কৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
মুম্বাইৰ হত্যাকাণ্ডঃপ্ৰেমিকাক হত্যা কৰি আৰক্ষীক চাঞ্চ্যলকৰ স্বীকাৰোক্তি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in