/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/c57bdc5d-2ad6-4f9b-aaf7-433ebf9fd00c/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ বিলাসীপাৰা দৈনিক বজাৰকে আদি কৰি চহৰখনত সৰ্বত্ৰে বিৰাজ কৰিছে কদৰ্যময় পৰিৱেশে। বিলাসীপাৰা পৌৰসভাৰ নাগৰিকৰ ধন কৰৰ নামত লুটি ধন ঘটাৰ একমাত্ৰ আহিলা লৈ পৰিণত কৰিছে পৌৰসভাৰ কৰ্মীয়ে। নাগৰিকৰ ধন কৰৰ নামত লুটি লৈ গতানুগতিকভাবে চলি আছে বিলাসীপাৰা পৌৰসভা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/5682157c-0f85-4fbd-bae8-bc1443181c19/f131cbbb_ffac_4e80_ab1d_1e02d897a762.jpg)
যোৱা প্ৰায় ১মাহ ধৰি চহৰখনৰ আৱাসিক এলেকাসমূহত নিয়মিয়াকৈ জাবৰ- -জোথৰসমূহ সংগ্ৰহ কৰা সম্পূৰ্ণভাবে বন্ধ কৰাত আৱাসিক এলেকাসমূহত এক অথন্তৰ পৰিস্থিতিৰ সৃষ্টিৰ হৈছে। বিলাসীপাৰাৰ সাপ্তাহিক পাণ বজাৰখনৰ কৰ্দযময় পৰিৱেশ তথা এজাক বৰষুণ দিয়াৰ পাছতে বৰষুণৰ লেতেৰা পানীৰে ভৰি পৰাত দোকানীসকলক জীয়াতু ভোগাই আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/597b8202-8727-4d41-ab06-c04553da66d0/25f589d5_00ea_4b40_8cdb_1ec02c085a1e.jpg)
এনে স্বাস্থ্য হানিকাৰক অৱস্থা বিগত বহু বছৰ ধৰি চলি আহিছে আৰু এচাম সচেতন নাগৰিকে এই সন্দৰ্ভত বিলাসীপাৰা পৌৰসভাৰ পৌৰপতি মনালিচা দাসক দৃষ্টিগোচৰ কৰিছে যদিও কোনো সুব্যৱস্থা গ্ৰহণ নকৰা বুলি আক্ষেপ প্ৰকাশ কৰিছে সচেতন মহলে। বজাৰখনৰ প্ৰায় সকলো নলামাটি আৰু জাবৰ-জোথৰেৰে ভৰি পৰাৰ বাবে বৰষুণৰ পানী যাব নোৱাৰি পথৰ ওপৰতে জমা হৈ থাকে।
আনহাতে পৌৰসভাৰ কাৰ্যলয়ত বেছিভাগ কৰ্মচাৰীয়ে নিজৰ ইচ্ছা অনুসৰি অহা-যোৱা কৰে বুলিও অভিযোগ উত্থাপিত হৈছে। পৌৰসভাৰ কাৰ্যবাহী বিষয়া হিচাপে বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া আছে যদিও বিষয়াগৰাকীৰ লগত পৌৰসভাখনৰ অভিযন্ত্ৰাকে ধৰি পৌৰপতিৰ লগত ভাষাগত আৰু তাল-মিলৰ অভাৱৰ বাবে বিষয়াগৰাকীৰো এই বিষয়বোৰত কোনো মনোযোগ ৰাইজে দেখা নাই। মাত্ৰ পৌৰসভাৰ খৰচৰ চেকবোৰত চহী কৰিয়েই তেওঁৰ কাম শেষ বুলি ধৰি লৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/a40945e4-91bd-480a-bfb0-8cb2f4ebd1d9/3746b05a_0e71_46bf_bac8_5bf14c7d09cc.jpg)
উল্লেখ্য যে এই সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱাৰ পিছতে পৌৰপতিৰ এনে ধৰণৰ কৰ্মকাণ্ডৰ বাবে বিলাসীপাৰাৰ সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে। আনহাতে শেহতীয়াকৈ অসম চৰকাৰে অভাৱনীয়ভাবে ৰাজ্যৰ পৌৰসভা এলেকাসমূহত কৰ বৃদ্ধি কৰাৰ সিদ্ধান্তক বিলাসীপাৰা জ্যেষ্ঠ নাগৰিক সন্থাই তীব্ৰ বিৰোধিতা কৰি আহিছে।সন্থাটোৰ সভাপতি পুৰন্দৰ নাথ, কাৰ্যকৰী সভাপতি কল্যাণ চক্ৰবৰ্তীৰ লগতে আন বহুত সদস্যই এক স্মাৰক পত্ৰযোগে বিলাসীপাৰা পৌৰসভাৰ পৌৰপতি মনালিছা দাসক ক্ৰটীপূৰ্ণ আৰু বৰ্দ্ধিত পৌৰকৰ ধাৰ্যৰ খচৰা তালিকা স্থগিত ৰখাৰ লগতে বৰ্দ্ধিত কৰৰ তীব্ৰ প্ৰতিবাদ জনায়।
তেওঁলোকে অতি সোনকালে বৰ্দ্ধিত কৰ কাটলৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰাবলৈ দাবী জনাই আহিছে যদিও ইয়াৰ বিপৰীতে পৌৰপতিগৰাকীয়ে বৰ্দ্ধিত কৰ সংগ্ৰহ কৰি থকা পৰিলক্ষিত হৈছে। পূৰ্বতে অসম আৰ্হিৰ ঘৰ এটাৰ বাবে পৌৰকৰ আদায় দিবলগীয়া হৈছিল ৯৬ টকা, কিন্তু তেনে ঘৰৰ বাবেও বৰ্তমান পৌৰকৰ ২৫০০ টকাকৈ আদায় দিব লাগিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/fafefcb0-b5e6-45b6-af5f-9bff39029be4/28f99dc6_93fe_4627_843a_b1d9ed7a8276.jpg)
সন্থাটোয়ে মত প্ৰকাশ কৰি পৰিয়াল এটাৰ পৌৰকৰ নিৰ্ধাৰণ কৰিবলৈ যাওঁতে দখলীকৃত মাটি আৰু সেই মাটিত নিৰ্মিত ঘৰৰ মূল্য দুবাৰকৈ যোগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। বিলাসীপাৰা চহৰৰ দৈনিক বজাৰ, মাছ আৰু মাংসৰ বজাৰকে ধৰি প্ৰায়বোৰ ৱাৰ্ডৰ আৱাসিক এলেকাসমূহৰ কৰ্দযৰূপ এতিয়া সাধাৰণ দৃশ্যত পৰিণত হৈছে। বিলাসীপাৰা পৌৰসভা এলেকাসমূহ স্বচ্ছভাৰত মিশন অভিযান সম্পূৰ্ণভাবে ব্যৰ্থ হৈছে বুলি সচেতন মহলে দাবী কৰে।
Also Read: মানস অভয়াৰণ্যত আটক ৫ চোৰাং চিকাৰীঃ জব্দ বন্যপ্রাণীৰ বিভিন্ন অংগ
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us