ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰমেলাৰ শুভাৰম্ভ

ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰমেলাৰ শুভাৰম্ভ

ডিজিটেল সংবাদ, ধুবুৰী : অসম চৰকাৰ বিপণন নিগমৰ উদ্যোগত আৰু ভাৰত চৰকাৰ হস্তশিল্প উন্নয়ন আয়ুক্তৰ সহযোগত ধুবুৰীৰ বিলাসীপাৰা ৰাজহুৱা খেলপথাৰত যোৱা কালিৰ পৰা ৰাজ্যিক হস্ততাঁত বস্ত্ৰমেলা শুভাৰম্ভ হৈছে। বিলাসীপাৰা চহৰখনৰ প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত শুভাৰম্ভ হোৱা অনুষ্ঠানত অসম বিপণন নিগমৰ অধ্যক্ষ ড° অশোক কুমাৰ সিংহী, ধুবুৰী জিলাৰ উপায়ুক্ত দিবাকৰ নাথ, বিলাসীপাৰা মহকুমাধিপতি মনুৰঞ্জন পায়েং, বিপণন নিগমৰ উপাধ্যক্ষ বিতোপন ৰাইদঙিয়া, ধুবুৰী-গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীপক সাহা, হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ ধুবুৰী জিলাৰ সঞ্চালক জাকিৰ হুছেইন, বিলাসীপাৰা মহকুমা প্ৰশাসনৰ বিষয়া সকল, সাপটগ্ৰাম আৰু চাপৰ পৌৰসভাৰ পৌৰপতি, বিভিন্ন প্ৰান্তৰ শিপিনী সকলৰ লগতে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

বিপুল জনসমাগমেৰে শুভ উদ্বোধনী অনুষ্ঠানটি সাফল্যমণ্ডিত কৰা বাবে অসম বিপণন নিগমৰ অধ্যক্ষই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ৰাইজৰ সহযোগিতা কামনা কৰে।

ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰমেলাৰ শুভাৰম্ভ
ৰাষ্ট্ৰপতিক আদৰিবলৈ সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান,তুংগত প্ৰস্তুতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in