জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ ন্যায়িক তদন্ত জৰিয়তে দোষীক কৰায়ত্তৰ দাবীত ধেমাজিত প্ৰতিবাদ...

যোৱা ১৬ মে'ত নগাঁও জিলাৰ জখলাবন্ধাত আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যু হৈছিল ।
ধেমাজিত প্ৰতিবাদ
ধেমাজিত প্ৰতিবাদ

ডিজিটেল সংবাদ, ধেমাজিঃ যোৱা ১৬ মে'ত নগাঁও জিলাৰ জখলাবন্ধাত আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যু হৈছিল । আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুকলৈ সৃষ্টি হৈছিল ৰহস্যৰ । দুৰ্ঘটনাত পতিত হোৱা জোনমণি ৰাভাৰ মৃত্যুক লৈ সাধাৰণৰ জনতাৰ মাজত সন্দেহৰ সৃষ্টি হৈছে । আৰু এই লৈ সাধাৰণ জনতাই ৰাজপথলৈ আহি কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে । সোমবাৰৰ দিনটোত ধেমাজি জিলাত তিনিটাকৈ দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদ
প্ৰতিবাদ

তদুপৰি জোনমণি ৰাভাৰ মৃত্যু হোৱা ভয়ংকৰ পথ দুৰ্ঘটনা নহয় , ই এক পৰিকল্পিত নিমৰ্ম হত্যাকাণ্ড বুলি দাবী কৰি এই ঘৃণনীয় কাৰ্যক ধিক্কাৰ দি এই ঘটনাৰ অতি শীঘ্ৰেই ন্যায়িক তদন্ত কৰি দোষীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ।

আজি দিনৰ ভাগত নিখিল ৰাভা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতি, নিখিল ৰাভা সাহিত্য সভা ধেমাজি জিলা সমিতি আৰু ৰাভা উন্নয়ন পৰিষদৰ লগতে ধেমাজি জিলা সমিতিকে ধৰি তিনি সংগঠনৰ প্ৰায় ডেৰ শতাধিক কৰ্মীয়ে হাতে- হাতে বেনাৰ, পোষ্টাৰ, প্লেকাৰ্ড লৈ ধেমাজি ট্ৰাইবেল সংঘৰ কাৰ্য্যালয় সন্মুখৰ পৰা প্ৰতিবাদ কৰি গৈ পুনৰ ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদ
প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে প্ৰায় ২০ মিনিট মান সময় ধৰি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্য়স্ত কৰে । লগতে ধেমাজিৰ উপায়ুক্তৰ জৰিয়তে নিখিল ৰাভা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উপ- সভাপতি মনিৰাম ৰাভা, সাধাৰণ সম্পাদক শচিন্দ্ৰ ৰাভা, নিখিল ৰাভা সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ সভাপতি পানীৰাম ৰাভা, সাধাৰণ সম্পাদক লম্বাৰ ৰাভা আৰু ৰাভা উন্নয়ন পৰিষদ, ধেমাজি জিলা সমিতিৰ সভাপতি মদন ৰাভা আৰু সাধাৰণ সম্পাদক বলোৰাম ৰাভাৰ সৈতে তিনি সংগঠনৰ বিষয়ববীয়াই স্বাক্ষৰিত এখনি স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

জোনমণিলৈ শ্ৰদ্ধাঞ্জলি
জোনমণিলৈ শ্ৰদ্ধাঞ্জলি
ধেমাজিত প্ৰতিবাদ
বৰহোলাৰ সেউজী কানন সাহিত্য সভাৰ "বৰ্ষাসিক্ত কবিতাৰ এসন্ধ্যা" শীৰ্ষক কাব্য অনুষ্ঠান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in