ধুুবুৰী আৰক্ষীৰ সফলতাঃ গ্ৰেপ্তাৰ এবিটিৰ সদস্য, মুখ্যমন্ত্ৰীৰ টুইট...

ধুুবুৰী আৰক্ষীৰ সফলতাঃ গ্ৰেপ্তাৰ এবিটিৰ সদস্য, মুখ্যমন্ত্ৰীৰ টুইট...

author-image
Asomiya Pratidin
New Update
ধুুবুৰী আৰক্ষীৰ সফলতাঃ গ্ৰেপ্তাৰ এবিটিৰ সদস্য, মুখ্যমন্ত্ৰীৰ টুইট...

ধুুবুৰী আৰক্ষীৰ সফলতাঃ গ্ৰেপ্তাৰ এবিটিৰ সদস্য, মুখ্যমন্ত্ৰীৰ টুইট...

ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ আন এক সফলতা। ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বাংলাদেশৰ নিষিদ্ধ ঘোষিত সংগঠন আনছাৰুল্লা বাংলা টীমৰ এজন সদস্যক।

Advertisment

ধুবুৰীৰ বিলাসীপাৰাৰ নায়েৰাল্গাৰ পৰা গ্ৰেপ্তাৰ হোৱা এ বি টিৰ সদস্যজনৰ নাম আব্দুছ শুকুৰ আলী। শুকুৰ আলী ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৱৰ্তী অঞ্চলৰ টাকীমাৰী গাঁৱৰ আকবৰ আলীৰ পুত্ৰ।

জানিব পৰা মতে ধৃত সন্দেহজনক সন্ত্ৰাসবাদীটোক ধুবুৰী আৰক্ষী অধীক্ষকে বিলাসীপাৰা আৰক্ষী থানাত জেৰা চলাই আছে। এই জেৰাত কেতবোৰ বিস্ফোৰক তথ্য লাভ কৰিছে বুলি জানিব পৰা গৈছে যদিও সেই তথ্যবোৰ  কেনেধৰণৰ সেই বিষয়ে জানিব পৰা হোৱা নাই।

ইফালে এবিটিৰ সদস্যজনক গ্ৰেপ্তাৰ কৰাৰ কথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো টুইট কৰি জনাইছে। এই একেটা অঞ্চলৰ পৰাই চলিত বছৰৰ ফেব্ৰুৱাৰীত আন এজন এবিটিৰ পলাতক সদস্য আবু তাল্লাহৰ পত্নীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

তেওঁৰ পৰাই বহু বিস্ফোৰক তথ্য লাভ কৰিছিল।গতিকে এই অঞ্চলটোক যে এবিটিৰ সদস্যসকলে ঘাটি হিচাপে লৈছে সেই কথা প্ৰায় প্ৰমাণ হৈছে। ইয়াৰ পূৰ্বে মধ্য অসমৰ মৰিগাওঁ জিলাৰ পৰাও এবিটিৰ সদস্যক গ্ৰেপ্তাৰ কৰিছিল।    

চৌওফা-প্লাং-লু

Also Read: গ্ৰেপ্তাৰ হ'ল ইমাৰন খানঃ আদালতে বিহিলে ৩ বছৰৰ কাৰাদণ্ড...

হিমন্ত বিশ্ব শৰ্মা অপৰাধ