/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6027ebd8-cb20-44b0-a74f-b156cd9a6ad1/agomoni.jpg)
ডিজিটেল সংবাদ,ধুবুৰী : ধুবুৰী জিলাৰ আগমনি থানাত উত্তপ্ত পৰিস্থিতি। একেদিনাই ৩গৰাকী ছাত্ৰী নিৰুদ্দেশক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰামতে, ৮ দিন উকলি যোৱাৰ পাচতো ধুবুৰী আৰক্ষীয়ে নিৰুদ্দেশ হোৱা ছাত্ৰী কেইগৰাকীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/8bed0195-cdb1-472f-9a1a-3688b2b2c61a/7f2e21d1_58a8_4fbf_82a7_4283b4837aaf.jpg)
আৰক্ষীৰ লেহেমীয়া গতিত তদন্ত কৰাৰ কাৰণে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। ফলত বুধবাৰে কোচ ৰাজবংশী ছাত্ৰ সংগঠন আৰু স্থানীয় ৫ শতাধিক লোকে আগমনি থানাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ধুবুৰী আৰক্ষীয়ে আগন্তক ৩ দিনৰ ভিতৰত ছাত্ৰীকেইগৰাকীক উদ্ধাৰ কৰিব নোৱাৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে আক্ৰাছু নেতাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/877a9333-7a1a-4bfb-934e-05ddafae15bb/cae32e4a_e940_45ab_a6f8_e4fbae54f7e2.jpg)
উল্লেখ্য যে, যোৱা ২ আগষ্টত আবেলি আগমনি আৰু হালাকুৰাৰ ৩গৰাকী ছাত্ৰী নিৰুদ্দেশ হৈছিল। ছাত্ৰী কেইগৰাকী আগমনিৰ সিন্দুৰাই প্ৰথম খণ্ডৰ কমলেশ্বৰ অধিকাৰীৰ কন্যা মামনি অধিকাৰী (২০), গোলকগঞ্জৰ বিষখোৱা পঞ্চম খণ্ডৰ বিষ্ণু চৰণ বৰ্মনৰ কন্যা বিনা বালা ৰায় (২০) আৰু হালাকুৰা খেৰবাৰীৰ মনোৰঞ্জন বেপাৰীৰ ছোৱালী মৌছুমী বেপাৰী।
Also Read: কান্দি থকাৰ বাবেই শিশুক মাদক দ্ৰব্য খুৱাই দিলে মাতৃয়ে...